শাৰিৰীক অসুস্থতাৰ বাবে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(জি এম চি এইছ )ত ভর্ত্তি কৰোৱা হৈছে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱশর্মাক ৷ যকৃতৰ ৰোগত আক্ৰান্ত হোৱা সত্ৰাধিকাৰ গৰাকীক কালি দুপৰীয়াৰ ভাগত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্ত্তি কৰোৱা হৈছিল ৷ কিন্তু অসম চৰকাৰৰ উদ্যোগত সন্ধিয়াৰ ভাগলৈ উন্নত চিকিৎসাৰ বাবে তেওঁক জি এম চি এইছলৈ স্থানান্তৰ কৰা হয় ৷ জি এম চি এইছত কেইবাটাও বিভাগৰ বিশেষজ্ঞ চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰিছে ৷ কালি সন্ধিয়া স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জি এম চি এইছত উপস্থিত হৈ সত্ৰাধিকাৰ গৰাকীৰ স্বাস্থ্যৰ বুজ লয় ৷ ইতিমধ্যে সত্ৰাধিকাৰ গৰাকীৰ প্ৰয়োজনীয় চিকিৎসাৰ যথোচিত ব্যৱস্থা ল’বলৈ স্বাস্থ্য বিভাগক নির্দেশ দিছে মন্ত্ৰী কেশৱ মহন্তই ৷