বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগৰ ঘটনাই সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে পোহৰলৈ আহিল প্ৰকৃত সত্য ৷ ইতিমধ্যে বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ কৰিবলৈ নিৰ্দেশ দিয়া যুৱকক চিনাক্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। আৰক্ষী থানাত অগ্নিসংযোগ কৰা যুৱকজনৰ নাম ছাদ্দাম আলী জানিবপৰা গৈছে ৷ ছাদ্দামৰ ঘৰ বটদ্ৰৱাৰ শালনাবড়ীত।আৰক্ষী সূত্ৰই জনোৱা মতে বৰ্তমানেও পলাতক হৈ আছে ছাদ্দাম আলী। পূৰ্বে ভুৱা পৰিচয়েৰে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ বাবে ছিম কাৰ্ড যোগান ধৰিছিল ছাদ্দামে।