লোকসভা নিৰ্বাচনৰ পূৰ্বে হ্ৰাস কৰা হৈছে ইন্ধনৰ মূল্য। কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে পেট্ৰল-ডিজেলৰ আবকাৰী শুল্ক ২ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ১৫ মাৰ্চৰ পৰা অৰ্থাৎ শুকুৰবাৰৰ পৰা প্ৰযোজ্য হৈছে নতুন মূল্য।
কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে তেওঁৰ এক্স হেণ্ডেলত এই বিষয়ে পোষ্ট কৰে। তেওঁ লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২ টকা হ্ৰাস কৰিলে। ভাৰতৰ কোটি কোটি পৰিয়ালৰ কল্যাণ যে তেওঁৰ সকলো সময়তে লক্ষ্য সেই কথা মোদীয়ে পুনৰবাৰ প্রমাণ কৰিছে৷ “
শেহতীয়াকৈ মোদী চৰকাৰে ৰন্ধন গেছৰ মূল্য ১০০ টকা হ্ৰাস কৰিছিল ৷ ইয়াৰ পূর্বে ৫ খন ৰাজ্যৰ বিধানসভা নির্বাচনৰ পূর্বেও ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷