পৰিয়াল আৰু কর্তব্যৰ মাজত ভাৰসাম্য বজাই ৰখাৰ বাবে বিশ্বৰ বহু আগশাৰীৰ দেশে কার্যালয়ত চাৰিদিন কর্তব্যৰ দিন ঘোষণা কৰি আহিছে ৷ এইবাৰ সপ্তাহটোত কেবল চাৰিদিন কর্মদিন নির্ধাৰণ কৰাৰ দেশৰ তালিকাত নতুনকৈ অন্তর্ভুক্ত হ‘ল বেলজিয়াম ৷ শেহতীয়াকৈ দেশখনৰ প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ডি ক্ৰ’ৱে ঘোষণা এই কথা ঘোষণা কৰিছে ৷ মন্ত্ৰীসকলৰ সৈতে হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰিছে দেশখনে ৷
এই সুবিধাৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় দিশ হৈছে কর্তব্যৰ সামগ্ৰীসমূহ বন্ধ কৰি ৰাখিব পাৰিব যাতে কর্তব্যস্থলীৰ পৰা অহা বার্তাসমুহ উপেক্ষা কৰিব পাৰিব ৷ এনেদৰে কার্যালয়ৰ বার্তা উপেক্ষা কৰিলেও কর্মচাৰীৰ বিৰুদ্ধে সংশ্লিষ্ট কতৃপক্ষই ল’ব নোৱাৰিব কোনো ব্যৱস্থা ৷ অর্থাৎ কর্তব্যৰ দিন সমাপ্ত হোৱাৰ পাছত কার্যালয়ৰ পৰা কোনো কামৰ বাবে হেচাঁ দিব নোৱাৰিব কর্মচাৰীক ৷ উল্লেখ্য যে বেলজিয়ামৰ পূর্বে কেইবাখনো ৰাষ্ট্ৰই ঘোষণা কৰিছিল সপ্তাহত চাৰি দিন কর্তব্যৰ দিন ৷ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত স্কটলেণ্ডে চাৰিদিনীয়া কৰ্ম সপ্তাহৰ এক পৰীক্ষণ কার্যসূচী আৰম্ভ কৰিচিল ৷ আইচলেণ্ড, স্পেইন আৰু জাপানেও যোৱা বছৰৰ পৰা চাৰিদিনীয়া কৰ্মসপ্তাহ পৰীক্ষামূলক ভাৱে আৰম্ভ কৰিছে ৷
অৱশ্যে তাৎক্ষণিকভাৱে এই সিদ্ধান্ত বেলজিয়ামত বলবৎ কৰা নহ’ব ৷ ফেডাৰেল চৰকাৰে প্ৰকাশ কৰা অনুসৰি সংশ্লিষ্ট আইন সংশোধন কৰাৰ আগতে প্ৰদেশসমূহে এখন খচৰা বিধেয়কৰ ওপৰত তেওঁলোকৰ মতামত প্ৰদান কৰিব ৷ পৰৱর্তী সময়ত সংসদত ভোটদান অনুষ্ঠিত হ’ব এই আইনৰ ওপৰত ৷ বেলজিয়ামৰ লোকসকলৰ জীৱনৰ মানদণ্ড বৃদ্ধি কৰা আৰু তেওঁলোকক উন্নত কৰ্ম-জীৱনৰ ভাৰসাম্য প্ৰদান কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশখনৰ চৰকাৰে ৷ নতুন পদক্ষেপৰ জৰিয়তে কৰ্মচাৰীসকলক পাঁচদিনৰ পৰিৱৰ্তে চাৰি দিনত ৩৮ ঘণ্টা কাম কৰিবলৈ অনুমতি প্ৰদান কৰিব ৷