দেশৰ আগশাৰীৰ চহৰ বেংগালুৰুৰ মূল সমস্যাসমূহৰ অন্যতম হৈছে যানজঁটৰ সমস্যা ৷ যানজঁটৰ বাবেই কম দুৰত্ব অতিক্ৰম কৰিবলৈ আপোনাক অধিক সময়ৰ প্ৰয়োজন হয় ৷ এই যানজঁটত আৱদ্ধ হৈ পৰা এজন চিকিৎসকে এগৰাকী ৰোগীৰ জীৱন বচাবলৈ লোৱা সিদ্ধান্তই সকলোকে অনুপ্ৰাণিত কৰিছে ৷ জৰুৰী অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ যানজঁটত আৱদ্ধ হৈ পৰা চিকিৎসকজনে তিনি কিল’মিটাৰ পথ দৌৰি অতিক্ৰম কৰি হাস্পতালত উপস্থিত হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি মণিপাল হাস্পতালৰ গেষ্ট্ৰ’এণ্টেৰ’লজীৰ বিশেষজ্ঞ চিকিৎসক গোবিন্দ নন্দকুমাৰে যোৱা ৩০ আগষ্টত জৰুৰীকালীন গলব্লাডাৰ অস্ত্ৰোপচাৰ কৰিবলৈ গৈ থকা অৱস্থাত সৰ্জাপুৰ-মাৰাথল্লী পথত যানজঁটত আবদ্ধ হৈ পৰে।অস্ত্ৰোপচাৰ পলম হ’লে মহিলা ৰোগীগৰাকীক প্ৰাণহানি হ’ব পাৰে বুলি আশংকা কৰি ডাঃ নন্দকুমাৰে নিজৰ গাড়ীখন এৰি তিনি কিলোমিটাৰ পথ দৌৰি অতিক্ৰম কৰি হাস্পতালখনত উপস্থিত হয় আৰু গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰটো সম্পন্ন কৰে।
সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয় -“মই প্ৰতিদিনে মধ্য বেংগালুৰুৰ পৰা দক্ষিণ-পূব প্ৰান্তত অৱস্থিত মণিপাল হাস্পতাললৈ অহা-যোৱা কৰো ৷ মই অস্ত্ৰোপচাৰৰ বাবে সময়মতে ঘৰৰ পৰা ওলাই আহিছিলোঁ। মোৰ দলটোৰ সকলো অস্ত্ৰোপচাৰৰ বাবে সাজু হৈ উঠিছিল আৰু মই উপস্থিত হোৱাৰ লগে লগে অস্ত্ৰোপচাৰ আৰম্ভ হোৱাৰ কথা আছিল ৷ কিন্তু গৈ থকা অৱস্থাতে প্ৰচণ্ড যান-জঁটত মই আৱদ্ধ হৈ পৰো ৷ তেতিয়া মই গাড়ীখন ড্ৰাইভাৰৰ লগত থৈ যোৱাৰ সিদ্ধান্ত লৈ কোনো চিন্তা নকৰাকৈ হাস্পতালৰ ফালে দৌৰিবলৈ আৰম্ভ কৰো ৷ “ হাস্পতালত উপস্থিত হৈয়েই তেওঁ অস্ত্ৰপচাৰৰ যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰে ৷
সফলভাৱে ৰোগী গৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু তেওঁ সুস্থ হৈ ঘৰলৈ ওভতি যায় ৷ দীর্ঘদিন ধৰি গলব্লাডাৰৰ ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে ৰোগী গৰাকীৰ তৎকালীন অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল ৷