দেশত এতিয়া ‘পুষ্পা’ জ্বৰ ৷ দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ অল্লু অর্জুন অভিনীত ছবিখনে সর্বত্ৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বক্স অফিচত কেইবা শ কোটি টকাৰ ব্যৱসায় কৰিছে ছবিখনে ৷ তদুপৰি দর্শকৰ মাজত ছবিখনৰ গীতসমূহে লাভ কৰিছে ব্যাপক জনপ্ৰিয়তা ৷ কেবল ছবিখনৰ গীতসমূহত বনোৱা ৰীল সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ সময়তে পুষ্পাৰ ষ্টাইলত ৰঙা চন্দন স্মাগলিং কৰিবলৈ কৰা চেষ্টাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে বেংগালুৰুত ৷ ঘটনাসন্দৰ্ভত অৱগত কৰি চাংলিৰ আৰক্ষী অধীক্ষক দীক্ষিত গেদামে কয়, “আমি চন্দনকাঠৰ অবৈধ পৰিবহনৰ বিষয়ে গোপনীয় তথ্য লাভ কৰিছিলো। এই গোপন সূত্ৰৰ ভিত্তিত আমি বন বিষয়াসকলৰ সৈতে এক যুটীয়া অভিযান আৰম্ভ কৰি জাকাত নাক্কাত অভিযান চলাইছিলো। এই অভিযানৰ সময়ত, আমি এখন বাহন জব্দ কৰিছিলো আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো। আমি ২.৪৫ কোটি টকাৰ প্ৰায় ১ টন চন্দন কাঠ জব্দ কৰিছো ৷ আইপিচিৰ ৩৭৯, ৩৪ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে ৷”
চিনেমাখনৰ দ্বাৰা অনুপ্ৰাণিত হৈ অভিযুক্ত য়াছিনে প্ৰথমে ট্ৰাকখনত ৰঙা চন্দন কাঠ ভৰায় ৷ তাৰ পিছত ফল আৰু পাচলিৰ কাৰ্টনেৰে এই কাঠসমূহ ঢাকি দিয়ে, যাতে আৰক্ষীয়ে কাঠসমুহ প্ৰত্যক্ষ নকৰে । তেওঁ ক’ভিডৰ গুৰুত্বপূৰ্ণ সামগ্ৰী কঢ়িওৱা বাহন বুলি ষ্টিকাৰ লগাই আহিছিল ৷