আজি ইং ২৪জানুৱাৰী, ২০২৩ তাৰিখে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাৰ জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগে ৰূপায়ন কৰা সপ্তাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে ইউনিফাইড কাৰাটে গিল্ডত এখনি জিলা পৰ্য্যায়ৰ প্ৰথম বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ অনুস্থিত কৰা হয়। আছাম ষ্টেট কাৰাটে এচোছিয়েশ্যন তথা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগিতাত আয়োজিত উক্ত কাৰাটে প্ৰতিযোগিতাত জিলা খনৰ প্ৰায় ২০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
খেলৰ আৰম্ভণিতে মহিলা ও শিশু বিকাশ বিভাগৰ উপ সঞ্চালক ও ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া (কামৰূপ মহানগৰ) শ্ৰী দেৱজিৎ বৰা ,এন.এছ.এছ. গোটৰ ক্ষেত্ৰীয় সঞ্চালক , অসম ৰাজ্যিক কাৰাটে সন্থাৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকি শুভাৰম্ভণি ভাষণেৰে প্ৰতিযোগীসকলক উৎসাহিত কৰে।