ভগৱন্ত মান হ’ব পাঞ্জাৱত আম আদমী পাৰ্টিৰ (আপৰ) মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৷ আজি এই কথা ঘোষণা কৰিছে আম আদমী পার্টীৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে ৷ আপে মুখ্যমন্ত্ৰী পদৰ প্ৰার্থী নির্বাচন কৰাৰ বাবে টেলিফোন আৰু হোৱাটছআপ যোগে ৰাইজৰ মতামত বিছাৰিছিল ৷ এনেদৰে লাভ কৰা মতামতৰ ভিত্তিতে আপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰার্থীৰ নাম ৷ সংৰুৰ পৰা দুবাৰকৈ আপৰ সাংসদ হিচাপে নির্বাচিত হোৱা ভগৱন্ত মানে ফোন আৰু হোৱাটছএপৰ জৰিয়তে দিয়া ভোটৰ ৯৩ শতাংশতকৈও অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্ৰকাশ কৰা অনুসৰি ২১ লাখতকৈও অধিক লোকে অংশগ্ৰহণ কৰিছিল এই বাচনি প্ৰক্ৰিয়াত ৷
মোহালিৰ এক প্ৰেক্ষাগৃহত কেজৰিৱালে ভাষণ প্ৰদান কৰি কয় “এইটো স্পষ্ট যে আপে পাঞ্জাৱৰ নিৰ্বাচনত বিজয়ী হ’ব। এক প্ৰকাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বাচনি কৰা ব্যক্তিজনেই পাঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ৷ “ উল্লেখ্য যে পাঞ্জাৱত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা আপ হৈছে প্ৰথমটো ৰাজনৈতিক দল ৷ যোৱা সপ্তাহত আপে পঞ্জাৱৰ লোকসকলক মুখ্যমন্ত্ৰীৰ বাবে তেওঁলোকৰ পচন্দৰ নাম বাচনি কৰিবলৈ টেলিফোন নম্বৰ মুকলি কৰিছিল ৷