কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি আততায়ীৰ গুলীত নিহত হোৱা সিদ্ধু মুছেৱালাৰ পৰিয়ালক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৷ পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকী মুছা গাঁৱত উপস্থিত হয়। মুখ্যমন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিহত গায়কজনৰ বাসগৃহৰ বাহিৰত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী-নিৰাপত্তাৰক্ষীৰ জোৱান ৷
উল্লেখ্য যে ৰাজ্য চৰকাৰে তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাত একাংশ অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল মুছে ৱালাক। তেওঁৰ সৈতে জীপত যাত্ৰা কৰি থকা তেওঁৰ খুলশালীয়েক আৰু এজন বন্ধুও এই আক্ৰমণত আহত হয়। ৰাজ্যখনৰ আম আদমী পাৰ্টি চৰকাৰে গায়কৰ নিৰাপত্তা কৰ্তন কৰাৰ লগতে আন ৪০০ৰো অধিক ভিআইপিৰ নিৰাপত্তা কৰ্তন কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৷
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰাৰ এদিন পিছতে মান গায়কজনৰ বাসগৃহত উপস্থিত হৈছে ৷ শুকুৰবাৰে পুৱা মুখ্যমন্ত্ৰীক মুছা গাঁৱত প্ৰৱেশ কৰাত একাংশ প্ৰতিবাদকাৰীয়ে বাধা আৰোপ কৰে ৷ যাক লৈ এক হুলস্থলীয়া পৰৈৱেশৰ সৃষ্টি হয় ৷