ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীৰ অন্যান্য প্ৰান্তৰ লগতে প্ৰগতি ময়দান অঞ্চলটোও প্লাৱিত হৈ পৰে। মন কৰিবলগীয়া যে এই প্ৰগতি ময়দান অঞ্চলৰ ভাৰত মণ্ডপাম কমপ্লেক্সত দুদিনীয়া জি-২০ সন্মিলন চলি আছে। ভাইৰেল হোৱা এটা ভিডিঅ’ত ‘ভাৰত মণ্ডপাম’ৰ এটা প্ৰৱেশদ্বাৰৰ সন্মুখত পানী জমা হোৱা দেখা গৈছে ৷ এই ভিডিঅ’টোক আলোকপাত কৰি কংগ্ৰেছে কেন্দ্ৰত শাসকীয় বিজেপিক সমালোচনা কৰিছে ৷
জি-২০ সন্মিলন উপলক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনক আৰু অন্যান্য ৰাষ্ট্ৰপতিসকল দিল্লীলৈ আহিছে। ইয়াৰ মাজতে জি-২০ স্থলীত পানী জমা হোৱাত আয়োজকসকলৰ মাজত অস্বস্তিৰ সৃষ্টি হৈছে। দিল্লী আৰক্ষীৰ এটা দলেও পানী নিষ্কাশনৰ বাবে পাম্প ব্যৱহাৰ কৰা দেখা গৈছিল।
ভিডিঅ’টো শ্বেয়াৰ কৰি যুৱ কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে বিজেপিক সমালোচনা কৰি নিজৰ এক্স (এক্স-টুইটাৰ) হেণ্ডেলত লিখিছে, “উন্নয়ন কেৱল ভাঁহি থকাই নহয়, ই পানীত সাঁতুৰিছে।”
কিন্তু দেওবাৰে জি-২০ বৈঠকৰ দ্বিতীয় দিনা ‘ভাৰত মণ্ডপাম’ত কোনো দীঘলীয়া কাৰ্যসূচী নাছিল। বৰষুণৰ মাজতে ৰাজঘাটস্থিত গান্ধী স্মাৰক পৰিদৰ্শন কৰি মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায় ৰাষ্ট্ৰপতিসকলে। শনিবাৰে এই পানী জমা হোৱা হ’লে অস্বস্তি বাঢ়ি গ’লহেঁতেন বুলি আয়োজকসকলে অনুভৱ কৰিছে।
শনিবাৰে নিশাৰ পৰা দিল্লীত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। দেওবাৰেও দিল্লী, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ কেইবাটাও স্থানত বৰষুণৰ সম্ভাৱনা আছে বুলি মৌসম ভৱনে জানিবলৈ দিয়ে।