কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই অসম এৰাৰ সময়তে সন্মুখীন হৈছে আন এক বিপদৰ ৷ যাত্ৰাৰ সময়ছোৱাত যোৰহাটত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ন্যায় যাত্ৰাৰ পথ নিৰ্ণয়কাৰী কে বি বাইজু আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ জাননী জাৰি কৰিছে ৷ গৌৰীপুৰ কেম্পত উপস্থিত হৈ যোৰহাট আৰক্ষীয়ে এই জাননী জাৰি কৰিছে । জাননী লাভ কৰা কে বি বাইজু এছ পি জিৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া।
উল্লেখ্য যে, ন্যায় যাত্ৰাৰ সময়ত যোৰহাটৰ ৰাজপথত সৃষ্টি হোৱা পৰিস্থিতিত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পাছতে ন্যায় যাত্ৰাই চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰা বুলি এটা গোচৰ ৰুজু কৰা হয় ৷
যোৰহাট চহৰৰ ভিতৰৰ নিৰ্ধাৰিত পথৰ সলনি আন এটা পথেৰে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ যোৱাৰ ফলত চহৰখনত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনে চৰম বিশৃংখলতাৰ পাছত কেইবাজনো লোক আহত হৈছিল ৷ সেই গোচৰৰ ভিত্তিতে কে বি বাইজু আৰু ভূপেন বৰাক গৌৰীপুৰ শিবিৰত জাননী জাৰি কৰে যোৰহাট আৰক্ষীয়ে। তেওঁলোকক আৰক্ষী থানাত হাজিৰ হ’বলৈ নির্দেশ দিছে ৷