গুজৰাটৰ নতুন মুখ্যমন্ত্রীৰূপে সোমবাৰে শপত গ্ৰহণ কৰিব ভূপেন্দ্র পেটেলে৷ শনিবাৰে বিজয় ৰূপানীৰ পদত্যাগে বহু সংখ্যক ৰাজনৈতিক নেতাক হতভম্ব কৰি তোলে। নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত বহুকেইটা নাম আলোচনাৰ মাজলৈ আহিছিল৷
ভূপেন্দ্ৰ পেটেলে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ঘাটলড়ীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছৰ শশীকান্ত পেটেলক অভিলেখ সংখ্যক এক লাখ ভোটেৰে পৰাজিত কৰিছিল।
ৰাজনৈতিক সমালোচকসকলৰ মত অনুসৰি পেটেলৰ নিৰ্বাচন দীৰ্ঘদিনীয়া সিদ্ধান্তৰ পৰিণতি নহয়। অৱশ্যে তেখেতে পেটেল সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বিষয়টো আগন্তুক নিৰ্বাচন সন্দৰ্ভত অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও কোৱা হৈছে।
বিজেপি বিধায়িনী দলৰ বৈঠকত ভূপেন্দ্র পেটেলৰ নাম প্ৰস্তাৱ কৰা হয়। উল্লেখনীয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পছন্দ অনুসৰি ভূপেন্দ্র পেটেলক নতুন মুখ্যমন্ত্রীৰ দায়িত্ব প্রদান কৰা হৈছে বুলি বহুজনে মন্তব্য কৰিছে।