VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ কলিয়াবৰৰ “মঞ্চ”ৰ উদ্যোগত হাটবৰৰ কেন্দ্ৰীয় নাট্য সমাজত ৯ডিচেম্বৰত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত প্ৰতিযোগিতা

voicedesk by voicedesk
December 8, 2023
in মুখ্য সংবাদ
নগাঁৱৰ কলিয়াবৰৰ “মঞ্চ”ৰ উদ্যোগত হাটবৰৰ কেন্দ্ৰীয় নাট্য সমাজত ৯ডিচেম্বৰত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত প্ৰতিযোগিতা
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৮ডিচেম্বৰ:–সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই পিতৃ-মাতৃৰ নামত উৎসৰ্গিত বঁটাৰে নগাঁও জিলাৰ কলিয়াবৰত “মঞ্চ“ৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত প্ৰতিযোগিতা । হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত অহা ৯ ডিচেম্বৰত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ প্ৰেক্ষাগৃহত দিনজোৰাকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখনি। ১৯৯২চনৰ পৰা ধাৰাবাহিকভাৱে চলি অহা প্ৰতিযোগিতাখনিৰ প্ৰতি আকৃষ্ট হৈয়ে ২০০১ চনত সুধাকণ্ঠ ড° হাজৰিকাই পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ সোঁৱৰণত আগবঢ়াইছিল ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগীৰ চলন্ত বঁটাটি । ইয়াৰ লগে লগে চলন্ত বঁটাটিয়ে ধন্য কৰিছিল “মঞ্চ” নামৰ চালুকীয়া অনুষ্ঠানটোক। ২০০১ চনত মঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ড° ভূপেন হাজৰিকা সোঁশৰীৰে উপস্থিত হৈ উদ্যোক্তাসকলৰ হাতত বঁটাটি প্ৰদান কৰিছিল। সেই অনুষ্ঠানত ড° ভূপেন হাজৰিকাৰ লগত সংগ দিছিল বিশিষ্ট গীটাৰবাদক কমল কটকী,প্ৰসিদ্ধ শিল্পী প্ৰয়াত প্ৰনৱিৰাম বৰুৱা,তবলাবাদক সূৰ্য গোস্বামী,নগাঁৱৰ বিশিষ্ট শিল্পী প্ৰয়াত জ্ঞানদা বৰা,যজ্ঞ বেজবৰুৱা আদি। সেই প্ৰতিযোগিতাত ৰাইজক সম্বোধন কৰি বিশ্ব বৰেণ্য শিল্পীগৰাকীয়ে কৈছিল–“মোৰ গীতবোৰ এদিন ভূপেন্দ্ৰ সংগীত হ’বগৈ বুলি মই সৰুতে গান গোৱা নাছিলোঁ ।

ইয়াৰ লগে লগে পাৰ্বতি প্ৰসাদ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ প্ৰনৱিৰাম বৰুৱাইও পিতৃৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰাৰ পাছৰে পৰা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল। “মঞ্চ”ক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ প্ৰথমে পৰামৰ্শ দিছিল নগাঁৱৰ বিশিষ্ট শিল্পী প্ৰয়াত জ্ঞানদা বৰাই। তেওঁৰ পিতৃ ৰেৱ বৰাৰ সোঁৱৰণতো আগবঢ়োৱা হৈছিল এটি বঁটা। কলিয়াবৰৰ লগত ড° ভূপেন হাজৰিকাৰ এটা সম্পৰ্ক আছিল। বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাই কলিয়াবৰৰ কুঠৰীত নির্মাণ কৰা ঘৰটোৱে আজিও সুধাকণ্ঠক ৰিঙিয়াই মাতে । শিল্পপ্রাণ চন্দ্ৰ ফুকনৰ সৈতে সম্পর্ক গঢ়ি তুলি কুঠৰীতে এটুকুৰা মাটি কিনাৰ সপোন দেখিছিল শিল্পীগৰাকীয়ে । ভূপেন হাজৰিকাৰ কাৰণে মাটি এডোখৰ কিনাত আগভাগ লৈছিল চন্দ্র ফুকনে। বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ সেউজ পৰিৱেশে আবৃত কুঠৰীৰ নৈসর্গিক শোভাৰ মাজত সুধাকণ্ঠই সাঁজিছিল এটি সৰু পঁজা । ১৯৬৮ চনতে কলিয়াবৰৰ কাঠ মিস্ত্রী ভেজাল (প্রকৃত নাম ভূবন চন্দ্ৰ বৰা) সিঙেই নিৰ্মাণ কৰিছিল সেই ঘৰটো। উল্লেখ্য যে,কিছু বছৰৰ আগতে এটি প্রতিষ্ঠানে কুঠৰীস্থ শিল্পীগৰাকীৰ উক্ত সম্পত্তি ক্ৰয় কৰিছিল যদিও ৰাইজৰ দাবীত সেই স্থানতে এটি সংগ্রাহলয় স্থাপনৰ পোষকতা কৰিছিল প্রতিষ্ঠানটোৱে।

পাছত স্থানীয় বিধায়ক কেশৱ মহন্তই ড° ভূপেন হাজৰিকাৰ ঘৰটোৰ সন্মুখতে সুধাকণ্ঠৰ এটি আবক্ষ মূর্তি স্থাপন কৰে। “মঞ্চ”ৰ উদ্যোক্তাই স্মৃতি ৰোমন্থন কৰি উল্লেখ কৰে যে গুৱাহাটীৰ পৰা উজনিলৈ আহিলে তেওঁ কুঠৰীৰ চন্দ্ৰ ফুকনৰ ঘৰত প্ৰায়ে আলহী হৈছিল। কুঠৰীক ভালপোৱাৰ কথা প্রকাশ কৰোঁতেই চন্দ্ৰ ফুকনে মাটি কিনি ঘৰ সজাৰ কথা কোৱাত ড° হাজৰিকাই কুঠৰীতে মাটি কিনি ঘৰ সাজিছিল। যিটো আজি ইতিহাস হ’ল। তেওঁ এক্ষন্তেক জিৰণি ল’বলৈকে কুঠৰীত ঘৰ সাজিছিল। তেওঁ জিৰাবলৈ কুঠৰীলৈ আহিলে প্ৰায়ে ডিফলুত বৰশী বাইছিল। চন্দ্ৰ ফুকনৰ ঘৰৰ পাছফালৰ বৰপুখুৰীত সেই সময়ত ভূপেনদাই বৰশী বোৱাৰ লগতে চৰাই-চিৰিকটিৰ সৈতেও তেওঁ উমলিছিল। এটা সময়ত কুঠৰীলৈ ভূপেন দাৰ সৈতে জয়ন্ত হাজৰিকা, অমৰ হাজৰিকা,কবিতা হাজৰিকা, সমৰ হাজৰিকা,মণিষা হাজৰিকা, কল্পনা লাজমী,ঊষা মংগেশকাৰ, নীলিমা খাতুন,ৰিদিপ দত্ত,নিৰোদ চৌধুৰী,তবলাবাদক ভাস্কৰ দাস আদি বহু লোক কুঠৰীৰৰ চন্দ্ৰ ফুকনৰ ঘৰলৈ আহিছিল। ১৯৯২ চনৰ এপ্রিল মাহত ভূপেনদা শেষবাৰৰ বাবে কুঠৰীৰ ঘৰখনলৈ আহিছিল বুলি জনা যায় । কুঠৰী অঞ্চলটোৰ প্রতি ভূপেনদাৰ অধিক হেঁপাহ আছিল। সেয়ে হয়তো ১৯৮১চন মানত ভূপেনদাই সুদূৰ আমেৰিকাৰ পৰা চন্দ্ৰ ফুকনৰ ভাতৃ শশী ফুকনলৈ চিঠি লিখি কুঠৰীৰ খবৰ বাতৰি লৈছিল। ভূপেন হাজৰিকাই কলিয়াবৰৰ বিশেষকৈ কাজিৰঙা, বাগৰি,কঁহৰা কুঠৰী ঠাই ডোখৰ বৰ ভাল পাইছিল। সেই বাবেই তেওঁ গীতৰ এঠাইত এনেদৰে গাইছে—“কাজিৰঙা মোৰ সেউজ সপোন,আপোন কহৰা,বাগৰি। সীমাৰ লুইত আৰু ডিফলু আপোন,আপোন মৰমী কুঠৰী।”

কিন্তু ইমানৰ পাছতো প্রত্যাশিতভাৱেই কলিয়াবৰৰ কুঠৰীৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাসগৃহত বিগত দুটা বছৰত সুধাকণ্ঠৰ ওপজাদিন উদযাপিত নহ’ল বুলি দুখ প্ৰকাশ কৰে। আইনী প্রক্রিয়াৰ বাধাৰ বাবেই সম্পূর্ণ নহ’ল কলিয়াবৰীয়া ৰাইজৰ সপোন। অসমীয়াৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত কুঠৰীৰ বাসগৃহটিত এক গাম্ভীর্যপূর্ণ পৰিৱেশত বিগত বর্ষসমূহত উদযাপিত হৈ আহিছিল সুধাকণ্ঠৰ জন্মদিন। এইক্ষেত্ৰত বিশেষভাৱে আগভাগ লৈছিল কুঠৰীবাসীৰ লগতে সাংস্কৃতিক কর্মী ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য্য আদিয়ে। কিন্তু ৰাজ্য চৰকাৰে মাজুলীৰ কেবিনেটত সুধাকণ্ঠৰ গৃহটো সংৰক্ষণ আৰু সাংস্কৃতিক প্রকল্প নির্মাণৰ সিদ্ধান্ত লোৱাৰ পাছতে যেন কালিকা লাগিল বাসগৃহটোত। সংৰক্ষণ আৰু সাংস্কৃতিক প্রকল্প নির্মাণ হোৱাটো দূৰৰে কথা,এক আইনী মেৰপেছৰ বাবে আজি দুবছৰ মানৰ পৰা সুধাকণ্ঠ গৰাকীৰ বাসগৃহটোৰ চৌহদত ৰাইজৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ল। ফলশ্রুতিত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্মদিন আৰু মৃত্যু দিৱস ৰাজহুৱাভাৱে উদযাপন কৰাৰো দিন উকলিল । উলহ-মালহেৰে উদযাপিত দিন দুটিতো নিজম পৰি ৰয় সুধাকণ্ঠৰ বাসগৃহ প্রাংগণ । অতি সোনকালে এই আইনী মেৰপেছৰ পৰা মুক্ত হৈ কলিয়াবৰীয়া ৰাইজৰ সপোন পূৰণ হ’ব বুলি কিছুদিন পূর্বে মন্তব্য কৰিছিল মন্ত্রী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই। উল্লেখ্য যে ভূপেন হাজৰিকাৰ ঘৰখনৰ চোতালৰ বগীজামু জোপাৰ তলতে জোনাকী নিশা নিৰলে বহি সুধাকণ্ঠই সৃষ্টি কৰিছিল বহুকেইটা কালজয়ী গীত। আজি জামুজোপাৰ তলখনৰ লগতে ঘৰটোৰো অৱস্থা তথৈবচ। “মন প্রজাপতি” কথাছবিৰ একালৰ শ্বুটিংস্থলী এই বাসগৃহটোৰ মজিয়াত বর্তমান বেংছতা,কাঠফুলাৰ পয়োভৰ। সামান্য এজাক বৰষুণতে চালেৰে ভিতৰত সৰি পৰে বৰষুণৰ টোপাল। সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বর্তমানে ভগ্নাৱশেষৰ ৰূপতহে আছে। দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মৰম বুটলি লাভ কৰা বহু স্মাৰক আজি ঘৰটোৰ বেৰতে উৱলি গৈছে। যেন এক ভূত বাংলালৈহে পৰিণত হৈছে সুধাকণ্ঠৰ একালৰ প্রাণৱন্ত ঘৰখন। উল্লেখ্য যে,কাৰ্বি পাহাৰৰ নামনিত তেতিয়াতে ভূপেন হাজৰিকাই নিজা তত্বাৱধানত নির্মাণ কৰোৱাইছিল ঘৰটো। ঘৰটোৰ চৌহদত পাছফালে আছে এটা প্রাণচঞ্চল নিজৰা। ইয়ো সুধাকণ্ঠৰ এক সৃষ্টিৰ আকৰ। ১৯৭৪ চনৰে পৰা ঘৰটো তত্বৱধানত থকা সুৰেন নেওঁগে কিছুদিনৰ পৰা চিনাকি মানুহ পালেই ক্ষোভেৰে কয় “ভূপেনদাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰখন আজি শেষ হৈ গ’ল,কোনেও নাচালে, কোনেও নাভাবিলে,মাথোঁ ঘোষণা আৰু আস্বাসতে ৰৈ গ’ল সকলো।
চৰকাৰে নোৱাৰিলে ৰাইজক দিয়ক,ৰাইজে বুকুত জীয়াই ৰাখিব সুধাকণ্ঠক। চৰকাৰী সদিচ্ছাৰ অভাৱে জুৰুলা কৰা ঘৰটোৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে মাজুলীত হোৱা বিশেষ অধিবেশনত বিশেষ প্রস্তাৱ লৈ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছিল যদিও আজিকোপতি নহ’ল কোনো ব্যৱস্থা। সুধাকণ্ঠৰ মৰমৰ বাসগৃহ কলিয়াবৰৰ কুঠৰীত এতিয়া দেখিবলৈ পোৱা যায় মৰিশালিৰ নিস্তব্ধতা। এক নিমাওমাও পৰিবেশ। ৰজাঘৰীয়া প্ৰজাঘৰীয়া কাৰোৰে যেন অৱকাশ নাই সুধাকণ্ঠক স্মৰণ কৰাৰ। এসময়ৰ ভূপেন হাজৰিকাৰ সহকর্মী কুঠৰীৰ বাসগৃহ চোৱাচিতা কৰা সুৰেণ নেওগেই জন্ম-মৃত্যুৰ প্রতিটো দিনত বন্তি প্রজ্বলনেবে শ্রদ্ধাঞ্জলি জনাই আহিছে সুধাকণ্ঠৰ প্রতিমূৰ্ত্তিত। সর্বানন্দ সোণোৱাল চৰকাৰে সুধাকণ্ঠৰ গৃহটো সংৰক্ষণৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছিল যদিও আজি পর্যন্ত কার্যকৰী নহ’ল। বর্তমান অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীগৰাকীয়েও এবছৰ পূৰ্বে এই সুধাকণ্ঠৰ গৃহ সম্পর্কত সেই স্থানত উপস্থিত হৈ সংৰক্ষণৰ লগতে সাংস্কৃতিক প্রকল্প নিৰ্মাণৰ আশ্বাস দিছিল যদিও সি আজিও কাৰ্যকৰী ৰূপ নাপালে। নিজৰ মা-দেউতাককো একপ্ৰকাৰ এৰি আহি ভূপেন হাজৰিকাৰ সান্নিধ্যত জীৱনৰ আধা বয়স পাৰ কৰা ৬৮ বছৰীয়া সুৰেণ নেওগে প্ৰকাশ কৰামতে ১৪ বিঘা ভূমিৰে পৰিবেষ্টিত এই সুধাকণ্ঠৰ গৃহ চৌহদত আছে বহু মূল্যবান ফলমূলৰ লগতে ঔষধি গছ। একালত পাহাৰ-ভৈয়ামৰ সমন্ধৰ থলী আছিল এই ঘৰখন। কিন্তু আজি এই চৌহদত যেন মৰিশালিৰ নিস্তব্ধতা। ইয়াকেলৈ এতিয়া ক্ষোভ সুধাকণ্ঠপ্ৰেমীৰ মাজত। “মঞ্চ”ৰ উদ্যোক্তাসকলে কয়–“আমি ভাবোঁ ৰাজ্য চৰকাৰখনে আইনী মেৰপেছ আৰু বাধা আঁতৰাই অতি শীঘ্ৰে ভূপেনদাৰ সপোনৰ ঘৰটোক ৰাজ্যবাসীলৈ উৎসর্গা কৰি এটি সাংস্কৃতিক প্রকল্প নির্মাণেৰে ভূপেনদাৰ সপোনটোক সম্পূর্ণ কৰিব। এইয়া আমাৰ আশা ।” উল্লেখ্য যে কলিয়াবৰৰ অন্যতম সাহিত্য-সাংস্কৃতিক-ক্ৰীড়া অনুষ্ঠান “মঞ্চ”ৰ উদ্যোগত ১৯৯২চনৰ পৰাই সদৌ অসম ভিত্তিত আয়োজন কৰি আহিছে ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ।

Previous Post

লোকসভাই খাৰিজ কৰিলে মহুৱাৰ সাংসদ পদ, নৈতিকতা কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ

Next Post

কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ বিধানসভা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ বিধানসভা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ

কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ বিধানসভা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7