নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। এই কথা শনিবাৰে ঘোষণা কৰে হোৱাইট হাউছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে কয় যে দুয়োগৰাকী নেতাৰ বৈঠকত নতুন দিল্লী-ৱাশ্বিংটন দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত আলোচনা কৰা হ’ব।
অহা ৯ আৰু ১০ ছেপ্টেম্বৰত (শনিবাৰ আৰু দেওবাৰ) নতুন দিল্লীত অনুষ্ঠিত হ’ব জি-২০ সন্মিলন। এই বৈঠকত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। হোৱাইট হাউছৰ তথ্য অনুসৰি আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনৰ পৰা অহা ৭ ছেপ্টেম্বৰত (বৃহস্পতিবাৰ) দিল্লীলৈ ৰাওনা হ’ব বাইডেন। অহা ৮ ছেপ্টেম্বৰ (শুকুৰবাৰে) দিল্লীত উপস্থিত হোৱাৰ পাছত তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
প্ৰসংগক্ৰমে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীৰ আমেৰিকা ভ্ৰমণৰ সময়ত বাইডেনে কৈছিল যে তেওঁ ছেপ্টেম্বৰত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ বাবে আগ্ৰহেৰে বাট চাই আছে। অৱশ্যে ইতিমধ্যে মস্কোৱে জনাইছে যে বাইডেন আহিলেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনে জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰে। কোৱা হৈছে যে সেই সময়ত জৰুৰী সামৰিক কাৰ্যকলাপৰ বাবে ৰাষ্ট্ৰপতি পুটিন জি-২০ত শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰিব। তেওঁৰ সলনি দিল্লীলৈ আহিব বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভ। জি-২০ত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ অংশগ্ৰহণক লৈও অনিশ্চয়তাৰ সৃষ্টি হৈছে।