গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ বাহিৰেও দেশৰ বিভিন্ন প্রান্ততো বতৰৰ প্ৰতিকূলতাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ প্ৰচণ্ড বৰষুণ, ভূমিস্খলন, বজ্ৰপাত, বজ্ৰপাত আদিৰ বাবে বিভিন্ন অঞ্চলত প্ৰভাৱ পৰিছে ৷বাৰিষাৰ সময়ত ভাৰতত বিভিন্ন স্থানত বানপানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছিল ৷ বিশেষকৈ জুন মাহত উত্তৰ-পূবত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷
বতৰ বিজ্ঞান বিভাগৰ ২০২২ বর্ষৰ প্ৰতিবেদন অনুসৰি বিহাৰ, অসম আৰু উত্তৰ প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷ মূলতঃ বজ্ৰপাত, বিজুলী ঢেৰেকনিৰ বাবে বহু লোকে প্ৰাণ হেৰূৱাইছে ৷ বতৰৰ প্ৰতিকূলতাৰ বাবে অসমত যোৱা বর্ষত ২৫০ জনতকৈয়ো অধিক লোকৰ মৃত্যু ঘটিছে ৷
প্ৰচণ্ড বৰষুণ, বানপানী & ভূমিস্খলনৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৮৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হয় ৷ ইয়াৰে অসমৰ ১৯৮ জন, মহাৰাষ্ট্ৰৰ ১১৬ জন, উত্তৰ প্ৰদেশৰ ৯৮ জন, হিমাচল প্ৰদেশৰ ৭৫ জন, মণিপুৰৰ ৫৬ জন, ৰাজস্থানৰ ৪৮ জন আৰু জম্মু-কাশ্মীৰৰ ৪৩ জন লোকৰ প্ৰাণ হানি হৈছে ৷
ধুমুহা আৰু বজ্ৰপাতৰ ফলত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১২৮০ৰো অধিক লোকৰ প্ৰাণহানি হয়। ইয়াৰ ভিতৰত বিহাৰৰ ৪১৫ জন, ঝাৰখণ্ডৰ ১২২ জন, ১৬৮ ওড়িশা, মধ্য প্ৰদেশৰ ১১৬, উত্তৰ প্ৰদেশৰ ৮১, ৰাজস্থানৰ ৭৮, ছত্তীশগড়ৰ ৭১,মহাৰাষ্ট্ৰৰ ৬৪ জন, অসমৰ ৫৮ জনৰ মৃত্যু ঘটে ৷