দেশৰ সবাতোকৈ বৃহত্তম স্বর্ণভাণ্ডাৰৰ সন্ধান ওলাইছে বিহাৰত ৷ ৰাজ্যখনৰ জামুই জিলাত এই স্বর্ণভাণ্ডাৰৰ সন্ধান পোৱা গৈছে ৷ সংসদৰ মজিয়াত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷ এগৰাকী সাংসদৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে ৷ উল্লেখযোগ্য যে দেশৰ ভিতৰত সর্বাধিক স্বর্ণভাণ্ডাৰ আছে কেবল জামুই জিলাত ৷ দেশৰ ৪৪ শতাংশ সোণ কেবল বিহাৰৰ জামুই জিলাত উৎপাদন হয় ৷ ইয়াৰ মাজতে জামুই জিলাতে দেশৰ সর্ববৃহৎ স্বর্ণভাণ্ডাৰৰ সন্ধান পোৱা বুলি প্ৰকাশ কৰা তথ্যই ৰাজ্যখনৰ অর্থনীতিলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বিহাৰৰ স্বর্ণভাণ্ডাৰত মুঠ ৫০১.৮৩ টন ৷ইয়াৰে জামুই জিলাত আছে ৩৭.৬ টন সোণ ৷ ১৫ বছৰৰ পূর্বে জামুই জিলাত আৰম্ভ হৈছিল সোণৰ খনন ৷