যোৰহাটৰ বিগবাজাৰত অসমৰ জাতীয় পৰিচয় বিহুনৃত্যক বিকৃতকৰণৰ ঘটনাৰ আলমলৈ যোৰহাটৰ বিগবাজাৰত তলা ওলমালে যোৰহাট জিলা ছাত্ৰ সন্থাই। যোৰহাট জিলা ছাত্ৰ সন্থা আৰু অসম সেনাৰ বিষয়ববীয়া সকলে কয় যে, ‘বিহু আমাৰ স্বাভীমান’। কোনো কাৰণতেই এটা বহুজাতিক কোম্পানীয়ে সস্তীয়া জনপ্ৰিয়তাৰ বাবে চলোৱা এটা বিকৃতকৰণৰ প্ৰচেষ্টাক প্ৰশ্ৰয় দিয়া নহ’ব। বহুজাতিক কোম্পানী টোৰ স্বত্বাধিকাৰীয়ে অসমবাসীৰ ওচৰত ৰাজহুৱা ভাবে ক্ষমা নোখোজা পৰ্যন্ত বিগবাজাৰৰ তলা খুলি দিয়া নহ’ব।
আনহাতে বিহু নৃত্যক বিকৃত কৰাৰ এই দুষ্কৰ্মৰ বাবে বিগবাজাৰৰ মালিক পক্ষক ধিক্কাৰ দিছে সমগ্র যোৰহাট বাসীয়ে।
বিগবাজাৰত বৃহস্পতিবাৰে হোৱা ব্যৱসায় সংক্ৰান্তিয় এক আলোচনাত নিজৰ মাজতে প্ৰতিষ্ঠান টোত কৰ্মৰত ল’ৰা-ছোৱালী সকলে গীত মাতৰ মাজেৰে অকণমান ফূৰ্তি কৰিছিল আৰু তাৰ মাজতে সম্পূৰ্ণ অসমীয়া জাতীয় সাজপাৰ অৰ্থাৎ মূগা ৰিহাৰ মেখেলা চাদৰ পৰিধান কৰি যুৱতী সকলে বৰ্তমান সময়ত বহুল ভাবে সামাজিক মাধ্যম যোগে প্ৰচাৰিত এটি তামিল গীত আৰু বিহুৰ ফিউজন কৰিছিল বুলি চিকাৰোক্তি কৰে যোৰহাট বিগবাজাৰ কৰ্তৃপক্ষই লগতে ৰাইজৰ ওচৰত ক্ষমা প্রার্থনা জনায়।
উক্ত ঘটনাক কেন্দ্র কৰি বিক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন সংগঠন সমূহ।