দেশৰ দক্ষ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত অন্যতম হৈছে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়ক ৷ ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ দক্ষতাৰে এক সুকীয়া স্থান দখল কৰা বিজু পাটনায়ক আছিল এজন পাইলটো ৷ বিজু পাটনায়ক এজন সমাজ সংস্কাৰক আৰু ৰাজনীতিবিদ হোৱাৰ উপৰিও দেশৰ স্বাধীনতাৰ পূৰ্বে বিমান উৰুৱাই আৰু অতি বিপদজনক অভিযান হাতত লোৱা এজন উচ্চ দক্ষতাসম্পন্ন পাইলট আছিল।
১৯৪৭ চনৰ এপ্ৰিল মাহত ইণ্ডোনেছিয়াত সৃষ্টি হোৱা অস্থিৰতাৰ সময়ছোৱাত ডাকোটা বিমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যৱহাৰ কৰিছিল ৷ ইণ্ডোনেছিয়াৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী সুতন ছাহৰিৰ আৰু উপ-ৰাষ্ট্ৰপতি মহম্মদ হাট্টাক উদ্ধাৰ কৰিবলৈ তেও ডাকোটা বিমানখন ব্যৱহাৰ কৰিছিল ৷ যাৰ বাবে কৃতজ্ঞ ইণ্ডোনেছিয়াই এই কৃতিত্বৰ বাবে দুবাৰকৈ বিজু পাটনায়কক নিজৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভূমিপুত্ৰ’ৰে সন্মানিত কৰিছে ৷ পাটনায়কে সক্ৰিয় ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে কলকাতাৰ পৰা চলাচল কৰা কলিংগা এয়াৰলাইন্স স্থাপন কৰিছিল। ব্যক্তিগত বিমান সংস্থাটোৱে ডাকোটাকে ধৰি প্ৰায় এক ডজন বিমান চলাইছিল। ওড়িশাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ পিতৃ বিজু পাটনায়ক ব্ৰিটিছ শাসনৰ অধীনত ৰয়েল ইণ্ডিয়ান এয়াৰ ফৰ্চৰ সদস্যও আছিল। তেওঁ গোপনে ভাৰতীয় স্বাধীনতা সংগ্ৰামী বিমানক এটা স্থানৰ পৰা আন এটা স্থানলৈ উৰুৱাই লৈ গৈছিল বুলিও বুৰঞ্জীবিদ সকলে মত প্ৰকাশ কৰি আহিছে ৷
সম্প্ৰতি কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাখি থোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ আইকনিক ডাকোটা বিমান ওড়িষালৈ আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই উদ্দেশ্যে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ওড়িষাৰ বিমানবন্দৰৰ চৌহদত ১.১ একৰ ভূমি অৰ্পণ কৰিবলৈ সন্মত হৈছে ৷
যোৱা দুবছৰতো বিমানখন ওড়িশালৈ পৰিবহণৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও ক’ভিড-১৯ মহামাৰীৰ বাবে এই পৰিকল্পনা স্থবিৰ হৈ পৰে ৷ এতিয়া প্ৰশাসনে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সকলো সাজু হৈছে ৷ বিমানবন্দৰ প্ৰাধিকৰণৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা ব’ৰ্ডৰ বৈঠকত ৰাজ্য চৰকাৰে স্মৃতিসৌধ স্থাপনৰ বাবে ১.১ একৰ মাটি দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ য’ত বিমানখন প্ৰদৰ্শনৰ বাবে ৰখা হ’ব।
বিষয়াগৰাকীৰ মতে, ৬৪ ফুট ৮ ইঞ্চি দৈৰ্ঘ্যৰ ডেউকা ৯৫ ফুট পৰ্যন্ত বিস্তৃত এই বিমানখন কেইবাটাও ভাগত বিভক্ত কৰি কলকাতা বিমানবন্দৰৰ পৰা ভুৱনেশ্বৰলৈ পথৰ জৰিয়তে পৰিবহণ কৰা হ’ব।ইয়াৰ পিছত প্ৰয়োজনীয় মেৰামতিৰ পিছত ইয়াত অংশসমূহ পুনৰ সংযোগ কৰা হ’ব ৷
বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সঞ্চালক প্ৰসন্ন প্ৰধানে কয় যে নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই স্মৃতিসৌধ নিৰ্মাণৰ বাবে প্ৰদাইকৰণে অনুমতি প্ৰদান কৰিছে ৷ ডাকোটা বিমানখন জনসাধাৰণৰ দৰ্শনৰ বাবে স্মৃতিসৌধত স্থাপন কৰা হ’ব বুলিও তেওঁ কয়।