মাজুলীৰ নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
বুধবাৰৰ পৰা সন্ধানহীন বৰুৱাৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ মাজত মাজুলীৰ দক্ষিণ আহঁতগুৰিত উদ্ধাৰ কৰা হৈছে।
বিগত ৬টা দিন এচ ডি আৰ এফৰ দলে বৰুৱাৰ মৃতদেহৰ সন্ধান অব্যাহত ৰাখিছিল।ব্ৰহ্মপুত্ৰত উটি অহা মৃতদেহটো দেখি স্থানীয় ৰাইজৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। এজন নাৱৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে।
গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা° বিক্ৰমজিত বৰুৱাৰ মৃতদেহৰ সন্ধান নিৰৱচ্ছিন্ন ভাৱে চলাই থকা হৈছিল। উৱলি যোৱা অৱস্থাত প্ৰত্যক্ষ কৰা মৃতদেহৰ কাষত আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনী উপস্থিত হয়। ক’লা কাপোৰ পিন্ধা ব্যক্তিজনৰ উপঙি থকা মৃতদেহক ডা° বৰুৱাৰ বুলি নিশ্চিত কৰা হয়।
পৰিয়ালৰ লগতে অসমবাসী ৰাইজে অলৌকিক ঘটনা ঘটিব বুলি আশা কৰিছিল। সাঁতুৰিব জনা বিক্ৰমজিত বৰুৱা সো শৰীৰে ঘূৰি আহিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু অতি দুখজনক অৱস্থাত মঙ্গলবাৰে বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত পৰিয়ালৰ সকলো দুখত ভাগি পৰিছে।
দুৰ্ঘটনাটোত ২৮ বছৰীয়া পৰিমিতা দাসৰ মৃত্যু ঘটাৰ লগতে ৰাজগড় হাইস্কুলৰ এগৰাকী শিক্ষক ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ কাজিৰঙাত উদ্ধাৰ হৈছিল।