VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অন্যায়ৰ বিৰুদ্ধে যুঁজত অকলশৰীয়া নাছিল বিলকিছ বানু, নিম্ন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ আইনী যুঁজত সহায় কৰা প্ৰখ্যাত অধিবক্তাগৰাকীৰ বিষয়ে জানেনে ?

voicedesk by voicedesk
January 11, 2024
in মুখ্য সংবাদ
অন্যায়ৰ বিৰুদ্ধে যুঁজত অকলশৰীয়া নাছিল বিলকিছ বানু,  নিম্ন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ  আইনী যুঁজত সহায় কৰা প্ৰখ্যাত অধিবক্তাগৰাকীৰ বিষয়ে  জানেনে ?
0
SHARES
4.9k
VIEWS
Share on FacebookShare on Twitter

 

বিলকিছ বানু ৷ দেশজুৰি সম্প্ৰতি চর্চা লাভ কৰিছে  এইগৰাকী মহিলাই ৷ অন্যায়ৰ বিৰুদ্ধে এখন দীঘলীয়া সংগ্ৰাম কৰি অৱশেষত জয়ী হোৱা এই গৰাকী মহিলাই দেখুৱাই দিছে দেশৰ আইন ব্যৱস্থাৰ ওচৰত এতিয়াও হেৰাই যোৱা ন্যায় ৷ কিন্তু তেওঁৰ এই সাহসী যুজখনত তেওঁ কেতিয়াও অকলশৰীয়া নাছিল ৷ ইয়াৰ আঁৰত জড়িত হৈ আছে আন কেইজনমান বিশিষ্ট লোক ৷ এই প্ৰতিবেদনৰ জৰিয়তে আমি লৈ আহিছো এইগোচৰটোৰ আঁৰত থকা ব্যক্তিসকলৰ বিষয়ে ৷ ইয়াৰ পূর্বে জানো আহকচোন কি ঘটিছিল বিলকিছ বানুৰ সৈতে ?

 

আমি ওভতি যাব লাগিব ২০০২ চনলৈ ৷  সেই সময়ত সংঘটিত  গোধৰা সংঘর্ষৰ পিছত গুজৰাটত বিয়পি পৰিছিল  সাম্প্ৰদায়িক হিংসা ৷যাৰ নৃশংস বলি হৈছিল বহু সাধাৰণ লোক ৷ ইয়াৰে অন্যতম আছিল  দহোৰ জিলাৰ দেৱগড়ৰ বৰিয়া গাঁৱৰ বাসিন্দা  পাঁচ মাহৰ গৰ্ভৱতী  বিলকিছ বানু ৷ ১১ জন লোকে বিলকিছৰ চকুৰ সন্মুখতে তিনি বছৰীয়া কন্যাক শিলৰ টুকুৰাৰে আঘাত কৰি নির্মমভাৱে হত্যা কৰাৰ লগতে ধর্ষণ কৰিছিল বিলিকিছক ৷ পৰৱর্তী সময়ত চিবিআইয়ে এই ঘটনাৰ তদন্ত কৰে আৰু ইয়াৰ ভিত্তিতে মুম্বাইৰ এখন আদালতে ২০০৮ চনৰ ২১ জানুৱাৰীত ১১ জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ কিন্তু ৰহস্যজনভাৱে ২০২২ চনৰ ১৫ আগষ্টত গুজৰাট চৰকাৰে বিলকিছৰ ধর্ষনকাৰীসকলৰ শাস্তি ক্ষমা কৰি দিয়ে আৰু তেওঁলোকক কাৰাগাৰৰ পৰা মুকলি  কৰি দিয়া হয় ৷ গুজৰাট চৰকাৰৰ এই কাণ্ডক দেশজুৰি তীব্ৰ সমালোচনা কৰে ৷

 

 

সেই সময়তে বিলকিছ বানুক ন্যায় দিবলৈ আন এখন যুদ্ধ আৰম্ভ কৰে কেইবাজনো বিশেষ ব্যক্তি  ৷ বিলকিছৰ উপৰি গুজৰাট চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান  জনায় উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ হয় মহুৱা মৈত্ৰ , ৰেৱতী লাউল, শোভা গুপ্তা, মীৰন চাদ্ধা বৰৱংকৰ, সুভাষিনী আলী আৰু ৰূপ ৰেখা বাৰ্মা। অৱশেষত উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰৰ সিদ্ধান্ত বাতিল কৰি আটাইকেউজন দোষীক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ নির্দেশ দিছে ৷  কিন্তু এই গোচৰটোত উচ্চতম ন্যায়ালয়ত বিলকিছৰ হৈ যুঁজখন আগবঢ়াই নিয়ে  প্ৰখ্যাত অধিবক্তা শোভা গুপ্তাই ৷

 

২০০৩ চনৰ পৰা অধিবক্তা শোভা গুপ্তাই বিলকিছৰ কাষত থিয় হৈ আইনী সহায় আগবঢ়াই আহিছে। যোৱা দুটা দশক ধৰি গুপ্তাই বিলকিছক  ন্যায় প্ৰদান কৰিবলৈ মৰণপণ প্ৰচেষ্টা চলাইছিল  ৷ নিম্ন আদালতেই হওক, উচ্চ ন্যায়ালয়েই হওক, অথবা উচ্চতম ন্যায়ালয়েই হওক, সকলো সময়তে বিলকিছৰ কাষত থিয় দি শোভা গুপ্তাই  আশা আৰু ন্যায়ৰ প্ৰতীক হিচাপে  গোচৰটো অতি পতিয়ন যোগ্যভাৱে স্থাপন কৰিছিল ৷

 

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ  ঐতিহাসিক ৰায়দানৰ পাছত শোভা গুপ্তাই সংবাদমাধ্যমৰ আগত কয় যে এয়া কেবল  বিলকিছৰ জয় নহয় বৰঞ্চ একেধৰণৰ কষ্টৰ সন্মুখীন হোৱা শ শ মহিলাৰ সামূহিক জয়। কেবল বিলকিছেই নহয় বহু অসহায় লোকৰ বাবে গুপ্তা হৈছে  সহায়ৰ হাত ৷ ১৬ বছৰতকৈও অধিক সময় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ স্থায়ী অধিবক্তা হিচাপে কাম কৰা শোভা গুপ্তা এগৰাকী উকীল হিচাপে  বিভিন্ন সামাজিক কামত সক্ৰিয়ভাৱে জড়িত হৈ আছে ৷  আইনী বিষয়ত  নাবালকসকলক প্ৰ’ ব’নো আইনী সহায় আগবঢ়োৱাৰ লগতে অৰ্থনৈতিকভাৱে বঞ্চিতসকলৰ বাবে আইনী সাহায্য শিবিৰ আৰু দৰিদ্ৰসকলক সাধাৰণ বিনামূলীয়া আইনী সহায়  তেওঁ প্ৰদান কৰি আহিছে
 

ইয়াৰ উপৰিও এক দশকৰো অধিক সময় উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত কেইবাটাও গোচৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক প্ৰতিনিধিত্ব কৰিছিল। ব্যক্তিগত বিদ্যালয়ৰ বিভিন্ন আইনী গোচৰৰ সৈতে তেওঁ দীৰ্ঘদিনী জড়িত আছে ৷  য’ত মাচুল নিৰ্ধাৰণ, নামভৰ্তি সম্পৰ্কীয় নিৰ্দেশনা, পেমেণ্ট অৱ গ্ৰেচুইটি আইন সংশোধন, গাংগুলী সমিতিৰ পৰামৰ্শ, শিক্ষাৰ অধিকাৰ আইনক প্ৰত্যাহ্বান আদিৰ দৰে বিষয়ত যুজি আহিছে  ।

 

শেহতীয়াকৈ গুপ্তাই মহিলাৰ মানৱ অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি, সমতাপূৰ্ণ আৰু সন্মানজনক পৰিৱেশ গঢ়ি তোলা, আৰু দুৰ্দশাগ্ৰস্ত মহিলাসকলক সহায় কৰাৰ বাবে উৎসৰ্গিত সামাজিক মঞ্চ ‘উই ৱ’মেন অৱ ইণ্ডিয়া ’ প্ৰতিষ্ঠা কৰে ৷  ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানমূলক দ্বিতীয় ঢৌৰ সময়ত অসংখ্য ব্যক্তিক সহায় আগবঢ়াইছিল এই সংস্থাই ।

 

পূৰ্বৰ ৰাজস্থান ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড ,নেচনেল ক্ষুদ্ৰ উদ্যোগ নিগম লিমিটেড  আৰু ৰাজস্থান চৰকাৰৰ সম্পূৰ্ণ মালিকানাধীন প্ৰতিষ্ঠান ৰাজস্থান ষ্টেট ৰোড ডেভেলপমেণ্ট এণ্ড কনষ্ট্ৰাকচন কৰ্পৰেশ্যন লিমিটেড আদিৰ দৰে সংস্থাৰ তেওঁ আছিল পেনেল অধিবক্তা ৷

 

অপৰাধমূলক কাম কাজত জড়িত  নাবালকক বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰা “FLAG—Free Legal Aid Group”ৰ প্ৰতিষ্ঠাপক হৈছে  অধিবক্তাগৰাকী ৷ বিলকিছ বানোৰ গোচৰটোত উচ্চম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ ন্যায়াধীশ বি ভি নাগাৰত্নৰ মন্তব্যও অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে ৷ ন্যায়াধীশ গৰাকীয়ে ৰায়ত কয় যে   যিকোনো বিশ্বাসৰ প্ৰতি বা যি ধৰ্মমতৰ অন্তৰ্গত নহওক কিয়, তেওঁক যিমানেই উচ্চ বা নিম্ন বুলি গণ্য কৰা নহওক কিয়, এগৰাকী নাৰী সন্মানৰ যোগ্য। নাৰীৰ বিৰুদ্ধে সংঘটিত জঘন্য অপৰাধক ক্ষমাৰ অনুমতি দিব পাৰিবনে? “

 

 

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষৰ পৰিয়ালৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ নির্দেশ বাতিল, নিয়োগ কৰা হ’ল হাউছ গার্ড

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষৰ পৰিয়ালৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ নির্দেশ বাতিল, নিয়োগ কৰা হ’ল হাউছ গার্ড

আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষৰ পৰিয়ালৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ নির্দেশ বাতিল, নিয়োগ কৰা হ’ল হাউছ গার্ড

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7