কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰাইজেল কমিটিয়ে ভাৰতত থলুৱাভাৱে প্ৰস্তুত কৰা প্ৰথমটো হাইব্ৰিড সৰিয়হৰ খেতি কৰাত অনুমোদন জনাইছে ৷ সেউজ গোট আৰু ইয়াৰ সৈতে জড়িত স্বদেশী লবীৰ বিৰোধিতাৰ মাজতে কৃষকসকলে ইয়াৰ খেতিৰ সম্ভাৱনা মুকলি কৰি দিছে কমিটীয়ে ৷ অৱশ্যে এইক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ অনুমোদন লাভ কৰিলেহে এই হাইব্ৰীড সৰিয়হৰ খেতি কৰিব পাৰিব খেতিয়কসকলে ৷
কমিটীখনে যোৱা ১৮ অক্টোবৰত অনুষ্ঠিত হোৱা বৈঠকত দিল্লী বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ জেনেটিক মেনিপুলেচন অৱ ক্ৰপ প্লাণ্টছ (চিজিএমচিপি)ৰ দ্বাৰা বিকশিত কৰা ট্ৰেন্সজেনিক সৰিয়হৰ সংকৰ ডিএমএইচ-১১ৰ খেতিত অনুমতি দিয়ে। ইয়াৰ ফলত ইয়াৰ ক্ষেত্ৰ পৰীক্ষা আৰু বীজ উৎপাদনৰ পথ প্ৰশস্ত হয় ৷
ভাৰতে বছৰি মাত্ৰ ৮.৫-৯ মিলিয়ন টন খোৱা তেল উৎপাদন কৰে ৷ আনহাতে ১৪-১৪.৫ মিলিয়ন টন খোৱা তেল আমদানি কৰে। ২০২১-২২ চনত অভিলেখসংখ্যক ১৮.৯৯ বিলিয়ন ডলাৰ মূল্যৰ খোৱা তেল আমদানি কৰা হয় ৷
যদিহে ক্ষেত্ৰ পৰীক্ষাসমূহে ডি এম এইচ-১১ সৰিয়হৰ বাবে কৃষিগত বৈশিষ্ট্য (বৰ্তমানৰ জাততকৈ অধিক উৎপাদন) লগতে পৰিৱেশ আৰু মানৱ আৰু পশুৰ স্বাস্থ্যৰ বাবে সুৰক্ষিত বুলি প্ৰমাণিত হয় তেন্তে ইয়াৰ খেতিৰে দেশৰ কৃষকসকল অধিক লাভান্বিত হ’ব পাৰিব ৷