গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ (LGBI)ত অৱতৰণ কৰিব লগীয়া হয় দিল্লী অভিমুখী যাত্ৰী কঢ়িওৱা এখন ইণ্ডিগ’ বিমানে (IndiGo flight) । ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি হয়। উল্লেখ্য যে LGBI বিমানবন্দৰৰ পৰা বিমানখন উৰাৰ অলপ সময়ৰ পাচতেই চৰাইৰ লগত খুন্দা খোৱাত বিমানখনত কম্পন হ’বলৈ ধৰে।
যাত্ৰীসকলে জনোৱামতে বিমানখন জৰুৰীভৱে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰোৱা হৈছিল। আনহাতে ভাৰতীয় এয়াৰপ’ৰ্ট অথ’ৰিটিয়ে (AAI) জনোৱা মতে সোমবাৰৰ ইণ্ডিগ’ ফ্লাইটৰ এই অৱতৰণ জৰুৰী বুলি ক’ব নোৱাৰি বুলি উল্লেখ কৰে।
প্ৰাপ্ত তথ্য মতে বিমানখনে বৰঝাৰ বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰাৰ দহ মিনিট পাচতেই সংঘটিত হয় এই ঘটনা। উল্লেখ্য যে বিমানখন প্ৰায় ৩০ মিনিট সময় আকাশত বতাহৰ মাজত ঘুৰি আছিল। চৰাইৰ লগত খুন্দা খাই এক ডাঙৰ শব্দ হোৱাৰ পাছতেই , বিমানখনে ভাৰসাম্য হেৰুৱাই কঁপিবলৈ ধৰাত যাত্ৰীসকল আতংকিত হৈ পৰে।
প্ৰাপ্ত তথ্য মতে অসম বিজেপিৰ জেষ্ঠ নেতা শান্তনু ভৰালী যাত্ৰী আছিল উক্ত বিমানখনৰ। তেঁও জনোৱা মতে বিমানখন কঁপিবলৈ ধৰোতে আন যাত্ৰীসকলৰ দৰে তেঁৱো যথেষ্ট আতংকিত হৈছিল। কিন্তু অৱশেষত সকলো যাত্ৰীসহিতে বিমানখন সুকলমে অৱতৰণ হয় বৰঝাৰ বিমান বন্দৰত।
উল্লেখ্য যে বিমানখনত যাত্ৰী আছিল ১০০ জনতকৈও অধিক। আনহাতে এই ঘটনা সংঘটিত হোৱাৰ কিছু ঘণ্টাৰ পাচতেই ইণ্ডিগ’ৰ বিমানখনে বৰঝাৰ বিমানবন্দৰৰ পৰা পুনৰ দিল্লী অভিমুখে যাত্ৰা কৰে।