দেশত অতি শীঘ্ৰেই জন্মৰ প্ৰমাণপত্ৰ নাগৰিকত্বৰ প্ৰামাণিক নথি হিচাপে ব্যৱহৃত হ’ব। ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰমাণৰ কোনো নিৰ্দিষ্ট নথি নথকা আৰু বিষয়টো এক জটিল প্ৰক্ৰিয়াৰ মাজত আবদ্ধ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তিৰ ব্যৱহাৰেৰে জন্মৰ প্ৰমাণপত্ৰক নাগৰিকত্বৰ সৈতে সংযোজিত কৰা বিষয়টো গুৰুত্ব সহকাৰে লৈছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। ইতিমধ্যে কেন্দ্রীয় সচিব ৰাজীৱ গৌবাই এই সন্দৰ্ভত তাৎক্ষণিক ভাবে ব্যবস্থা ল’বলৈ সংশ্লিষ্ট মন্ত্ৰালয়ৰ সচিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।
এইক্ষেত্ৰত সোনকালেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব যদিও এশখন বিদেশী ন্যায়াধিকৰণ থকা ৰাজ্য অসমত ইয়াৰ ফলত কেনেকুৱা প্ৰভাৱ পৰিব সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ’ব।