অসমৰ পর্যটন ক্ষেত্ৰলৈ আছে এক সুখবৰ ৷ পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিশ্বনাথ ঘাটক পৰ্যটন মন্ত্ৰালয়ে ২০২৩ চনৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে নিৰ্বাচিত কৰিছে। সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷
তেওঁ কয় –“ ৩১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৭৯১ টা আবেদনৰ মাজৰ পৰা নিৰ্বাচিত বিশ্বনাথ ঘাটৰ নিৰ্বাচনে অসমৰ গ্ৰাম্য পৰ্যটনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যি বিশাল প্ৰচেষ্টা হাতত লৈছে তাক প্ৰতিফলিত কৰিছে।“