মধ্যপ্ৰদেশৰ গোৱালিয়ৰত এদিনতে ৫৪৮ জন লোকক বাটৰ কুকুৰে কামোৰাক লৈ আতংকৰ সৃষ্টি হৈছে ৷ পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে মহানগৰীৰ বাসিন্দাসকলে ঘৰৰ পৰাও ওলাই যাবলৈও ভয় খাইছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি যোৱা ২৩ জানুৱাৰীত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা কুকুৰে কামোৰাৰ খবৰ আহিছে। ২৪ ঘন্টাত ৫৪৮ জন লোক কুকুৰৰ আক্ৰমণৰ বলি হৈছে ৷
জিলা প্ৰশাসনৰ তথ্য অনুসৰি, ইয়াৰে ১৯৭ জনক মোৰাৰে চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১৩১জন লোক। হাজিৰা চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১৫৩জন লোক। আহতসকলৰ ভিতৰত ৩৯ জন ডাবৰা চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ২৮ জন ভিতৰণৱাদ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
জিলা প্ৰশাসনৰ এক সূত্ৰৰ মতে, গোৱালিয়ৰত প্ৰতিদিনে এশৰো অধিক লোকক কুকুৰে আক্ৰমণ কৰি আছে। কুকুৰৰ আক্ৰমণত বিৰক্ত হৈ পৰা মহানগৰবাসীৰ মাজত শংকাৰ লগতে ক্ষোভৰ সৃ্ষ্টি হৈছে । প্ৰশাসনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে লোকসকলে । এই ভয়ৰ পৰা কেতিয়া মুক্তি পাব বুলিও তেওঁলোকে প্ৰশ্নৰ উত্থাপন কৰিছে ৷
১৭ জানুৱাৰীত ভূপালত ৪০ জন লোকক কুকুৰে আক্ৰমণ কৰিছিল। যোৱা ১০ জানুৱাৰীত ভূপালত কুকুৰৰ আক্ৰমণত মৃত্যু হৈছিল এটি সাত মহীয়া কেঁচুৱাৰ।