সৰু সৰু কাঁইটেৰে পূৰ্ণ তিতা ভেকুৰি এজোপা জোপোহা জাতীয় উদ্ভিদ।
ইংৰাজী নামঃ Indian Night Shade
বৈজ্ঞানিক নামঃ Solanum Indicum Zinn
তিতা ভেকুৰি কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে হালধীয়া বা কমলা ৰঙৰ হয়।ফল খাবলৈ তিতা। ফল গোলাকাৰ আৰু মিহি, থোপা বান্ধি লাগে। ফুল নীলা বা বেঙুনীয়া। জুলাই , অক্টোবৰ মাহত ফুল আৰু শীতকালত ফল লাগে। তিতা ভেকুৰিত আছৃ বহুতো ঔষধি গুণ , জানো আহক-
১) তিতা ভেকুৰিৰ ৰস তিতা। তিতা ভেকুৰিয়ে বিষ-বেদনা বিশেষকৈ বাত বিষ নোহোৱা কৰে।
২) তিতা ভেকুৰিয়ে কাহ আৰু শ্বাস -প্ৰশ্বাসৰ ৰোগ ভাল কৰে।
৩) তিতা ভেকুৰিৰ বীজ হাঁপানি , টকৌৱে খোৱা , খজুৱতি , কৃমি আদিৰ বাবে উপকাৰী।
৪) তিতা ভেকুৰিৰ পাতৰ ৰস মৌৰ লগত খালে বমি বন্ধ হয়।
৫) কীট দংশনতো তিতা ভেকুৰিৰ পাতৰ ৰস উপকাৰী।
৬) কুষ্ঠ , শ্বাস কষ্ট আৰু শূল ৰোগত ফল আৰু শিপাৰ ৰস উপকাৰী।
৭) বাত বিষত ভেকুৰিৰ ফল সিজাই দুই চামুচকৈ দিনে দুইবাৰ খালে বিষ নাশ হয়।
৮) পানী লগা ৰোগ হ’লে দহটামান ভেকুৰি ফল পিহি মৌৰ লগত দিনে এবাৰকৈ সাতৰ পৰা আঠদিন খালেই দীৰ্ঘদিনীয়া পানী লগা বেমাৰ ভাল হয়।
৯) গৰ্ভ নষ্ট হোৱাৰ পৰা ৰক্ষা পাবলৈ ভেকুৰি শিপা আৰু পিপলিৰ শিপাৰ ৰস গাখীৰৰ লগত মাহেকীয়িৰ চাৰিদিন দিনে দুবাৰকৈ খাব লাগে।
১০) তিতা ভেকুৰি গাখীৰৰ লগত খালে পুংশক্তি বৃদ্ধি হয়।