অসমত হ’বলগা উপ-নিৰ্বাচনৰ এখন আসনৰ বাবে বিজেপি দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।ঘোষণা অনুসৰি দলটোৱে এই উপ-নিৰ্বাচনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম প্ৰক্ষেপ কৰিছে।
অহা ৪ অক্টোবৰত অসমত ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই অনুসৰি ২২ ছেপ্টেম্বৰত মনোনয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ ঘোষণা কৰিছে আৰু ২৭ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ঘোষণা কৰা হৈছে।
ইফালে বিনা প্ৰতিদ্বন্দিতাৰে এই উপ-নিৰ্বাচনত জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ।যিহেতু এই এখন আসনৰ বাবে বিধানসভাত বিজেপিৰ যি দলীয় স্থিতি আছে,সেই দলীয় স্থিতি আন কোনো দলৰ নাই। একমাত্ৰ বিজেপি দলৰ যি ৬১ খন আসনৰ প্ৰয়োজন আছে, সেই ৬১ খন আসন ইতিমধ্যে বিজেপিৰ আছে।
তেনেক্ষেত্ৰত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৰাজ্যসভাৰ পৰা নিৰ্বাচিত হ’ব বুলি একপ্ৰকাৰ খাটাং হৈ পৰিছে।