ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আজি ৰাজ্যিক সমবায় কোষৰ প্ৰথমখন অভিৱৰ্তন আয়োজিত হৈ যায়। ৰাজ্যিক অভিবর্তনখন উদ্ধোধন কৰে সাংগঠণিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই । পুৱা ১০ বজাত ভাৰতমাতা পূজনেৰে আৰম্ভ হোৱা ৰাজ্যিক অভিবৰ্তনত সভাপতিৰ আসন গ্ৰহণ কৰে সমবায় কোষৰ ৰাজ্যিক আহ্বায়ক দিলজিৎ বৰ্মনে। “সমবায় কোষৰ কৰ্মসূচী” উদ্ধোধন কৰি সভাপতি ভবেশ কলিতাই সমবায়ক নতুন প্ৰজন্মৰ মাজত বিজ্ঞান সন্মতভাবে আগবঢ়াই নিবলৈ আহ্বান জনায়। তেওঁ কয়, বিজেপি অসম ৰাজ্যিক সমিতিয়ে স্বনিৰ্ভৰশীল অসম গঢ়াৰ স্বাৰ্থত উৎপাদন বৃদ্ধি কৰি সঠিক বজাৰ সৃষ্টি কৰাত অধিক গুৰুত্ব প্ৰদান কৰিব আৰু এই ক্ষেত্ৰত সমবায় কোষৰ দায়িত্ব সর্বাধিক।
অভিবৰ্তনখনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ সমবায় মন্ত্রী নন্দিতা গার্লোচাই কয়, অসমত সমবায় খণ্ডই সম্পূর্ণ সফলতা লাভ কৰিব লাগিলে বিজেপি দলৰ সক্রিয়, সক্ষম আৰু কৰ্মঠ কাৰ্যকৰ্তাৰ সহযোগিতা অত্যন্ত প্রয়োজন । মন্ত্রী নন্দিতা গার্লোচাই উৎপাদন বৃদ্ধিৰ লগে লগে বিক্ৰী বজাৰ সৃষ্টিৰ বাবে সমবায় সমূহে কাম কৰিবলৈ আহ্বান জনাই সমবায় কোষক সকলো প্ৰকাৰৰ সহযোগ আগবঢ়াব বুলি প্রতিশ্রুতি দিয়ে ।
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৰাজ্যিক অভিবর্তনখত সমল ব্যক্তি হিচাপে উপস্থিত থাকে। ভাষণ প্রসংগত বিধায়ক গৰাকীয়ে, কৰ্ম সংস্কৃতিৰে একোগৰাকী সুদক্ষ ৰাজনৈতিক কর্মী সৃষ্টি কৰিবলৈ সমবায় কোষে নেতৃত্ব গ্ৰহণ কৰাৰ ক্ষেত্ৰত আগ্রহ প্রকাশ কৰে । হাজৰিকাই কণ্যাকা সমবায় সমিতি গঠন কৰাৰে পৰা সন্মুখীন হোৱা প্ৰত্যাহ্বান মূলক দিনৰ পৰা বৰ্তমানৰ সফল বিষয়সমূহৰ বিশদ ব্যাখ্যা আগবঢ়াই কর্মক্ষেত্ৰৰ সঠিক বাছনি আমাৰ অসমৰ যুব-প্ৰজন্মৰ লক্ষ্য হোৱা উচিত বুলি মন্তব্য কৰে ।
ৰাজ্যিক মুখপাত্ৰ তথা কোষসমূহৰ তত্বাৱধায়ক মনোজ বৰুৱাই “সমবায় শীৰ্ষ গীত” মুকলি কৰে । ৰাজ্যিক সদস্য ভ্ৰমৰ মজুমদাৰে আত ধৰা সমবায় কোষৰ উক্ত অভিৱৰ্তনত নলবাৰীৰ শংকৰদেৱ জৈৱিক কৃষি পাম, সীতাজখলা দুগ্ধ সমবায় সমিতি আৰু অসম জনতা কয়েৰ সমবায় সমিতিক সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি “বৃহত্তৰ অসমৰ মৰঙ্গা জনগোষ্ঠী”ৰ ওপৰত প্ৰদীপ শৰ্মাই প্ৰস্তুত কৰা আৰু জ্যোতিৰাজ ভূঞাই প্রযোজনা কৰা তথ্যচিত্ৰ এখন উদ্ধোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক হাজৰিকাই ।
উল্লেখযোগ্য যে ৰাজ্যিক বিজেপিৰ ৪০ খন সাংগঠনিক জিলাৰ আহ্বায়ক আৰু সহ:আহ্বায়ক সহ শতাধিক দলীয় কার্যকর্তাই আজি অভিবর্তনখনত উপস্থিত থাকে।
উক্ত অনুষ্ঠানতে গুৱাহাটীৰ সাংসদ কুইন ওজাই ২০২৩ বৰ্ষৰ প্ৰথমখন “অসমীয়া বিজেপি বার্তা” উন্মোচন কৰে। শ্ৰীমতী ওজাই কয়, মুখপত্ৰখনে দলৰ নীতি আৰু আদৰ্শক ৰাইজৰ আগত প্রতিফলিত কৰাৰ লগতে চৰকাৰৰ উন্নয়নমূলক কামসমূহ ৰাইজৰ মাজলৈ কঢ়িয়াই নিয়ে।
আজিৰ অনুষ্ঠানত ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায় , ৰাজ্যিক উক্ত অনুষ্ঠানতে গুৱাহাটীৰ সাংসদ কুইন ওজাই ২০২৩ বৰ্ষৰ প্ৰথমখন “অসমীয়া বিজেপি বাৰ্তা” উন্মোচন কৰে। শ্ৰীমতী ওজাই কয়, মুখপত্ৰখনে দলৰ নীতি আৰু আদৰ্শক ৰাইজৰ আগত প্রতিফলিত কৰাৰ লগতে চৰকাৰৰ উন্নয়নমূলক কামসমূহ ৰাইজৰ মাজলৈ কঢ়িয়াই নিয়ে।
আজিৰ অনুষ্ঠানত ৰাজ্যিক উপ-সভাপতি অশোক ভট্টৰায়, ৰাজ্যিক উপ-সভানেত্রী ৰেখাৰাণী দাস বড়ো কার্যালয় সম্পাদক সুজিত বিশ্বাস, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱ জ্যাতি মৰল বিজেপি বাৰ্তাৰ সম্পাদক জিতেন শর্মাকে ধৰি কেইবাজনো ৰাজ্যিক নেতৃত্বই অংশগ্ৰহণ কৰে ৷