উত্তৰাখণ্ডত আৰক্ষী আৰু খনি মাফিয়াৰ মাজত হোৱা সংঘর্ষত এজন বিজেপি নেতাৰ পত্নীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ ৰাজ্যখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই ঘটনাত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পাঁচজন আৰক্ষী জোৱান আহত হৈছে ৷আৰক্ষী আৰু খনন মাফিয়াৰ সহায়কৰ মাজত হোৱা গুলীচালনাত নিহত হোৱা মহিলাগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ নেতা গুৰতাজ ভুলাৰৰ পত্নী গুৰপ্ৰীত কৌৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে জাফৰ নামৰ খনন মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ মোৰাদাবাদ আৰক্ষীৰ এটা দল উত্তৰাখণ্ডৰ জছপুৰত উপস্থিত হোৱাৰ পাছতে সূত্ৰপাত ঘটা সংঘৰ্ষত দুজন আৰক্ষী বিষয়াক গুলীওৱাৰ বিপৰীতে আন তিনিজন অন্য ধৰণে আহত হয়।
আৰক্ষীৰ প্ৰকাশ কৰা অনুসৰি ম’ষ্ট ৱাণ্টেড জাফৰৰ সন্ধান দিওতালৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ৷ তেওঁ ভুলাৰ নামৰ এজন লোকৰ ঘৰত লুকাই আছিল বুলি সন্দেহ কৰি এই অভিযান চলাইছিল আৰক্ষীয়ে ৷
বিজেপি নেতাৰ পত্নীৰ মৃত্যুৰ পিছতে ক্ষুব্ধ গাওঁবাসীয়ে চাৰিজন আৰক্ষীক বন্দী কৰে ৷ ইফালে উত্তৰাখণ্ডতো উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে এটা হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰা হৈছে।মোৰাদাবাদৰ জ্যেষ্ঠ আৰক্ষী শ্বলাভ মাথুৰে কয় যে অভিযুক্তজন এজন ৱাণ্টেড অপৰাধী ৷ তেওঁ ভাৰতপুৰ গাঁৱৰ পৰা পলায়ন কৰিছিল ৷