আৰম্ভ হৈছে অসম-মিজোৰাম সীমা সমস্যাৰ অৱসানৰ প্ৰক্ৰিয়া।উত্তৰ-পূবৰ দীৰ্ঘদিনীয়া সীমা সমস্যাক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীৰ নেতৃত্বত বহু কেইগৰাকী সাংসদে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
মূলত অসম-মিজোৰামোৰ সীমা বিবাদক কেন্দ্ৰ কৰি অসমৰ ১২ গৰাকী,অৰুণাচলৰ ২ গৰাকী,ত্ৰিপুৰাৰ ১ গৰাকী সাংসদে সাক্ষাৎ কৰে প্ৰধান মন্ত্ৰী মোডীক।
সম্প্ৰতি অসম-মিজোৰামত সংঘটিত হোৱা বিবাদক লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে দলটোৱে। লগতে সমগ্ৰ ঘটনাৰ বাবে কংগ্ৰেছ দলক দোষৰোপ কৰি কয় যে ২০১৮ চনত কা আৰু এন আৰ চিক ৰাজনীতিৰ মাজলৈ আনি কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক বিপথে পৰিচালিত কৰিছিল।
বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোডীয়ে এই সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে সকলো প্ৰচেষ্টা অব্যাহত ৰখা বুলি কোৱাৰ লগতে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শান্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে এই হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলাব বুলি আশ্বাস প্ৰদান কৰে।
ইফালে বৈঠকৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে এক সংবাদমেল সম্বোধন কৰি কয় যে এই অসম-মিজোৰাম সীমা বিবাদ সংঘাতৰ সূচনা কংগ্ৰেছ দলে কৰা বুলি অভিযোগ অনাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰিক উন্নয়নৰ বাবে সকলোকে একলগ হৈ কাম কৰাৰ আহ্বান জনায়।
ইয়াৰপিছতে ৫ আগষ্টত আইজলত অনুষ্ঠিত হ‘বলগীয়া এক বৈঠকত ভাগ লবলৈ অসম মন্ত্ৰীসভাৰ এটি দল মিজোৰামলৈ ৰাওনা হ‘ব। মিজোৰাম চৰকাৰৰ প্ৰতিনিধিৰে হ‘ব লগা বৈঠকত অশোক সিংঘল আৰু অতুল বৰা উপস্থিত থাকিব। প্ৰধানমন্ত্ৰীৰে হোৱা বৈঠকৰ পিছত মিজোৰাম চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৬ বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ লগতে অসম চৰকাৰেও মিজোৰামৰ কলাচীব জিলাৰ উপায়ুক্ত, ভেৰেংটি মহকুমা আৰক্ষীৰ বিৰুদ্ধে ৰুজু