বহু জল্পনা- কল্পনাৰ অন্ত পেলাই অৱশেষত মাজুলী সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালৰ উত্তৰসুৰী ঘোষণা কৰিলে বিজেপিয়ে ৷ বিশ্বৰ সর্ববৃহৎ নদীদ্বীপ মাজুলীত অনুষ্ঠিত হ’বলগীয়া উপ নির্বাচনত বিজেপিৰ প্ৰার্থী হ’ব ভূৱন গাম ৷ আজি বিজেপি নেতৃত্বই মাজুলীৰ প্ৰার্থী হিচাপে ঘোষণা কৰে ভূৱন গামৰ নাম ৷ ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদনৰ পাছতে তেওঁৰ নাম ঘোষণা কৰা হয় ৷ ভূৱন গামৰ উপৰি বিতোপন দলে আৰু হেমচন্দ্ৰ দলেৰ নাম কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছিল ৰাজ্যিক বিজেপিয়ে ৷ উল্লেখ্য যে সর্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে মাজুলীৰ আসনখন খালী হৈ পৰিছিল ৷ ৭ মার্চত অনুষ্ঠিত হ’ব মাজুলীৰ উপ নির্বাচন ৷ ১০ মার্চত ঘোষণা কৰা হ’ব ফলাফল ৷ কাইলৈ ভূৱন গামে মনোনয়ন দাখিল কৰিব বুলি জানিব পৰা গৈছে ৷