প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দ্বিতীয়বাৰলৈ কেন্দ্ৰত শাসনৰ গাদী দখল কৰাৰ লগতে এখনৰ পাছত আন এখন ৰাজ্যৰ বিধানসভা নির্বাচনতো জয়লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি ৷ প্ৰতিটো নির্বাচনতে বিজেপিয়ে ব্যাপক পৰিমানৰ ধন ব্যয় কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ কিন্তু কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ সম্পত্তিৰ পৰিমান শুনিলে আপোনাৰো চকু কপাঁলত উঠিব ৷ ২০১৯-২০ বিত্তীয় বৰ্ষত বিজেপিৰ সম্পত্তিৰ পৰিমান হৈছে ৪,৮৪৭.৭৮ কোটি ৷ শেহতীয়াকৈ এ ডি আৰ নামৰ সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷ বিজেপিৰ তুলনাত দশক দশক ধৰি দেশত শাসন চলোৱা কংগ্ৰেছৰ সম্পত্তিৰ পৰিমান যথেষ্ট কম ৷ আনকি সম্পত্তিৰ হিচাপত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম নহ’ল কংগ্ৰেছ ৷ বিজেপিৰ পাছতে দ্বিতীয় সর্বাধিক ধনী ৰাজনৈতিক দল হৈছে বহুজন সামজবাদী পার্টী (বিএছপি )৷ বিএছ পিৰ সম্পত্তিৰ পৰিমান হৈছে ৬৯৮.৩৩ কোটি ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সম্পত্তিৰ পৰিমান হৈছে ৫৮৮.১৬ কোটি ৷এছ’চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে ২০১৯ -২০২০ বৰ্ষত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ সম্পত্তি আৰু দায়বদ্ধতাৰ বিশ্লেষণৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বিত্তীয় বৰ্ষটোত সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪ টা আঞ্চলিক দলে ঘোষণা কৰা মুঠ সম্পত্তিৰ পৰিমাণ আছিল ক্ৰমান্বয়ে ৬,৯৮৮.৫৭কোটি আৰু ২,১২৯.৩৮ কোটি ।৪৪ টা আঞ্চলিক দলৰ ভিতৰত, শীৰ্ষ ১০ টা দলৰ সম্পত্তিৰ মূল্য হৈছে ২০২৮.৭১৫ কোটি ৷ ২০১৯-২০ বিত্তীয় বৰ্ষত, আঞ্চলিক দলসমূহৰ ভিতৰত সমাজবাদী পাৰ্টিয়ে সৰ্বাধিক ৫৬৩.৪৭ কোটি (২৬.৪৬ শতাংশ) টকাৰ সম্পত্তিৰ পৰিমান ঘোষণা কৰিছে ৷ ইয়াৰ পাছতে পিছত টিআৰএছ ৩০১.৪৭ কোটি আৰু এআইএডিএমকে ২৬৭.৬১ কোটিৰ সম্পত্তি ঘোষণা কৰিছিল।২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪ টা আঞ্চলিক দলে ঘোষণা কৰা মুঠ ঋণৰ পৰিমাণ হৈছে ১৩৪.৯৩ কোটি ।