ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা ৬ এপ্ৰিলত দলৰ কাৰ্যকৰ্তা সকলৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশ অনুযায়ী উক্ত দিনা প্ৰতিখন ৰাজ্যৰ প্ৰতিটো বুথত শোভাযাত্ৰা, দলৰ নীতি-আদৰ্শৰ ওপৰত বক্তব্য প্ৰদান, স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে দলৰ প্ৰতিজন কাৰ্যকৰ্তাই নিজ বাসভৱনত দলীয় পতাকা উত্তোলন কৰিব৷ উক্ত দিনা ৰাজ্যিক বিষববীয়া, কাৰ্যনিবাৰ্হক সদস্য, সাংসদ, মন্ত্ৰীসকল ৰাজ্যিকভাৱে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব৷ একেদৰে জিলা সভাপতিকে প্ৰমুখ্য কৰি জিলা স্তৰৰ সকলো বিষয়ববীয়া তথা কাৰ্যকৰ্তা জিলা পযাৰ্য়ত আৰু বুথ, শক্তিকেন্দ্ৰ স্তৰৰ সকলো কাৰ্যকৰ্তা, পঞ্চায়ত ৱাৰ্ডৰ সদস্যসকল বুথ পযাৰ্য়ত উপস্থিত থাকিব৷ উক্ত কাৰ্যসূচী ৰাজ্যিক পযাৰ্য়ত তদাৰক কৰিবৰ হেতু দলৰ শীৰ্ষ নেতৃত্বই জ্যেষ্ঠ কাৰ্যকৰ্তা কিশোৰ উপাধ্যায় আৰু নবাৰুণ মেধিক দায়িত্ব প্ৰদান কৰিছে৷