পাঞ্জাৱৰ লুধিয়ানাৰ জিলা আদালত চৌহদ আজি কপাঁই তোলে এক ভয়ংকৰ বিস্ফোৰণে ৷ এই বিস্ফোৰণত দুজন লোকৰ মৃত্যু হৈছে। তদুপৰি বিস্ফোৰণটোত চাৰিজন লোক গুৰুতৰভাৱে আহত হোৱা বুলি প্ৰকাশ কৰিছে সংশ্লিষ্ট প্ৰশাসনে ৷ প্ৰাপ্ত তথ্য অনুসৰি বিস্ফোৰণটো আদালত ভৱনৰ দ্বিতীয় মহলাত থকা বাথৰুমত দিনৰ প্ৰায় ১২:২২ বজাত সংঘটিত হয় ৷ বিস্ফোৰণৰ ফলত হোৱা জোঁকৰনিত কেইবাটাও কোঠাৰ বেৰ ভাঙি পৰাৰ লগতে দুৱাৰ খিড়িকীৰ আইনা টুকুৰা টুকুৰ হৈ পৰে ৷ বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত জিলা আদালতত শুনানি অনুষ্ঠিত হৈ থকাৰ লগতে কার্যালয়ৰ কাম চলি আছিল।
ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত সুৰক্ষা আৱেষ্টনী গঢ়ি তোলাৰ লগতে অগ্নি নিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নির্বাপন কৰিছে ৷ জিলা আদালত লুধিয়ানা চহৰৰ মাজমজিয়াত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে অৱস্থিত।
পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পঞ্জাৱ আৰক্ষীক বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ অহ্বান জনাইছে ৷ আনহাতে , ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (নিয়া)ৰ এটা দল ঘটনাস্থলী অভিমুখে ৰাওনা হৈছে ৷