চাইবাৰ অপৰাধৰ বাবে কুখ্যাত ‘জামতাৰা গেঙ’ৰ বিৰুদ্ধে হাৰিয়ানা আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে। অপৰাধী চক্ৰটোৰ প্ৰৱঞ্চনাত ব্যৱহৃত ২ লাখ মোবাইল নম্বৰ ‘ব্লক’ কৰা হৈছে। শ শ সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে!
অৱশ্যে হাৰিয়ানা আৰক্ষীৰ সূত্ৰ অনুসৰি এই জালিয়াতিৰ চক্ৰটো ঝাৰখণ্ডৰ জামতাৰাত নহয়, হাৰিয়ানাৰ মেৱট অঞ্চলত পোৱা গৈছে। এই চাইবাৰ অপৰাধীসকলে জনপ্ৰিয় এপসমূহৰ বাবে ‘গ্ৰাহক সহায় সেৱা’ প্ৰদান নকৰাৰ বাবে একাউণ্টত লেনদেন বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰে ৷ কে ৱাই চি নথকাৰ বাবে গ্ৰাহকক ‘বেংক কৰ্মচাৰী’ বুলি পৰিচয় দি রএকাউণ্টৰ পৰা ধন লুট কৰি আহিছে ৷
প্ৰসংগক্ৰমে যোৱা কেইমাহমানৰ পৰা দিল্লী আৰক্ষীয়েও জামতাৰা চক্ৰৰ বিৰুদ্ধে অবিৰতভাৱে অভিযান চলাই আহিছে। চাইবাৰ জালিয়াতিৰ লগত জড়িত থকাৰ অভিযোগত দিল্লী আৰু ঝাৰখণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰে কেইবাজনো সন্দেহযুক্ত লোকক। সেই ভিত্তিতে হাৰিয়ানা আৰক্ষীয়ে আৰম্ভ কৰিছে এক নতুন অভিযান। জানিব পৰা মতে, ৬ জন আৰক্ষী অধীক্ষক, ১৪ জন ডি এছ পিৰ নেতৃত্বত মুঠ ১০২ টা দলে নয়া জামাতাৰা গেঙৰ বিৰুদ্ধে তদন্ত চলাই আছে।