বলীউডৰ তাৰকা, ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি সমাজৰ গণ্যমান্য ব্যক্তিলৈকে বৃহস্পতিবাৰে টুইটাৰত বহুতে ‘বিশেষ’ পৰিচয় হেৰুৱাই পেলালে । তেওঁলোকৰ নামৰ কাষত থকা ‘ব্লু টিক’ চিম্বলটো টুইটাৰৰ পৰা আঁতৰাই দিয়া হৈছে। এই তালিকাত অমিতাভ বচ্চন, শ্বাহৰুখ খান, বিৰাট কোহলী আৰু ৰাহুল গান্ধীৰ দৰে ব্যক্তিও সন্নিবিষ্ট কৰা হৈছে।
এতিয়াৰে পৰা ‘ব্লু টিক’ সেৱাত চাবস্ক্ৰাইব কৰি ধন আদায় দিলেহে টুইটাৰ ব্যৱহাৰকাৰীসকলেহে তেওঁলোকৰ নামৰ কাষত এই বিশেষ চিহ্নটো উপলব্ধ হ’ব ৷ আগতে টুইটাৰত প্ৰায় তিনি লাখ ব্যৱহাৰকাৰীৰ নামৰ কাষত ব্লু টিক আছিল। ইয়াৰ ভিতৰত আছিল অভিনেতা-অভিনেত্ৰী, খেলুৱৈ, ৰাজনীতিবিদ আৰু সাংবাদিক। এই লোকসকলৰ আধাতকৈ অধিক লোকৰ নামৰ পৰা ব্লু টিক আঁতৰাই পেলোৱা হৈছে।
বৃহস্পতিবাৰে বিয়লিৰ পিছত টুইটাৰত নিজৰ ‘ব্লু টিক’ হেৰুওৱা তাৰকাৰ ভিতৰত আছে শ্বাহৰুখ খান, অপ্ৰা উইনফ্ৰে, জাষ্টিন বিবাৰ, কেটি পেৰী আৰু কিম কাৰ্দাছিয়ান । বিল গেটছৰ পৰা পোপ ফ্ৰান্সিছলৈকে ব্যক্তিত্বই বিশেষ হোৱাৰ এই চিন হেৰুৱাই পেলাইছে।
মাইক্ৰ’ব্লগিং চাইটটোৰ মতে, এতিয়াৰে পৰা ‘ব্লু টিক’ ৰখাৰ বাবে ব্যৱহাৰকাৰীয়ে প্ৰতিমাহে ৬৫৭ টকা দিব লাগিব। যদি কোনো কোম্পানীয়ে টুইটাৰত নিজৰ নামৰ কাষত ‘ব্লু টিক’ এটা লগাব বিচাৰে তেন্তে তেওঁলোকে প্ৰায় ৮২ হাজাৰ টকা ব্যয় কৰিব লাগিব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যিসকলে এই ধন আগতে জমা কৰিছে তেওঁলোকৰ নামৰ কাষত টুইটাৰত ‘ব্লু টিক’ চিম্বল অব্যাহত আছে।