বুধবাৰে কেন্দ্ৰই নতুন শিক্ষা নীতিৰ সৈতে সংগতি ৰাখি শিক্ষা ব্যৱস্থাত বৃহৎ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে ৷ সেই অনুসৰি ২০২৪ চনৰ শৈক্ষিক বর্ষৰ বাবে পাঠ্যপুথি প্ৰস্তুত কৰা হ’ব। নতুন পাঠ্যক্ৰমৰ কাঠামো ঘোষণা কৰে শিক্ষা মন্ত্ৰালয়ে।মন্ত্ৰালয়ৰ মতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে দুটা ভাষা অধ্যয়ন কৰিব লাগিব আৰু ইয়াৰে অন্ততঃ এটা ভাষা ভাৰতীয় হ’ব লাগিব।
মন্ত্ৰালয়ে লগতে কয় যে বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ব’ৰ্ড পৰীক্ষা “সহজ” কৰিবলৈ পৰীক্ষাত মাহৰ পিছত মাহ ধৰি প্ৰশিক্ষণ আৰু মুখস্থ কৰাৰ পৰিৱৰ্তে শিক্ষার্থীৰ জ্ঞান আৰু কি শিকিলে তাৰ মূল্যায়ন কৰা হ’ব।
মন্ত্ৰালয়ে কয় -“ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিবলৈ যাতে পৰ্যাপ্ত সময় আৰু সুযোগ লাভ কৰে তাৰ বাবে বছৰত কমেও দুবাৰকৈ ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন সম্পূর্ণ কৰা বিষয় সমূহত নিজকে সাজু অনুভৱ কৰাৰ পাছত পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুবিধা লাভ কৰিব ৷ “
নতুন নিয়ম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বিষয় বাছনি কৰিবলৈ নমনীয়তা প্ৰদান কৰা হ’ব ৷ শিক্ষার্থীসকলক সহজ কৰি তোলাৰ বাবে কলা, বিজ্ঞান, আৰু বাণিজ্যৰ দৰে শাখাত বিষয় বাচনিৰ ক্ষেত্ৰত সীমাবদ্ধ নাথাকিব।