ধেমাজি জিলাৰ অমৰপুৰৰ দিবাং নদীত বুধবাৰে পুৱা প্ৰায় ৮ বজাত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, অমৰপুৰৰ পৰা শদিয়া সদৰলৈ যাত্ৰা কৰিছিল নাঁওখনে ৷ দিবাং নদীৰ মাজভাগত নাঁওখন দূর্ঘটনাগ্ৰস্ত হয় ৷
দুৰ্ঘটনা সংঘটিত হোৱা নাঁওখনত প্ৰায় ৪০ জনতকৈও অধিক লোকে যাত্ৰা কৰিছিল ৷ তদুপৰি এখন মেজিক, টাটা চুমু, বলেৰ’ পিক আপ বাহনৰ লগতে বহু কেইখন মটৰ চাইকেল নাঁওখনেৰে লৈ অহা হৈছিল ৷ দূর্ঘটনাৰ ফলত মেজিক, টাটা চুমুবাহন কেইখন সম্পূৰ্ণৰূপে পানীত বাগৰি পৰে ৷ ইতিমধ্যে নাওঁখনত থকা লোকসকলক সুকলমে উদ্ধাৰ কৰা হৈছে ৷ নাঁৱৰ মালিকৰ গাফিলিতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰত্যক্ষদৰ্শীয়ে ৷ অত্যাধিক যাত্ৰী আৰু গাড়ী কঢ়িওৱাৰ বাবেই দূর্ঘটনাটো সঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰা হৈছে ৷