যোৰহাটৰ নিমাটিঘাটত ভৰা লুইতৰ বুকুত আজি বিয়লি সংঘটিত হৈছে ভয়ংকৰ ফেৰী দুৰ্ঘটনা। দুৰ্ঘটনাটোত শতাধিক লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।
প্ৰাপ্ত বাতৰি মতে নিমাতীঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ বুলি যাত্ৰা কৰা এখন ফেৰি ভৰা ব্ৰহ্মপুত্ৰৰ মাজতে এখন জাহাজৰ সৈতে সংঘৰ্ষ হোৱাত এশৰো অধিক যাত্ৰী থকা নাও খন পানীত বুৰ যায়।
প্ৰাপ্ত তথ্য অনুসৰি কমলাবাৰী অভিমুখী ফেৰি খনৰ সৈতে ব্ৰহ্মপুত্ৰৰ মাজত টিপকাই নামৰ ফেৰি খনৰ মুখামুখি সংঘৰ্ষ হয়।
দুয়োখন নাওৰ যাত্ৰী আৰু যান বাহন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু যোৰহাট আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আছে।
এই দুৰ্ঘটনাৰ পাছতে হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। মা কমলা নামৰ ফেৰীখন নিমাতিঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল। আনহাতে টিপকাই নামৰ ফেৰীখন কমলাবাৰী ঘাটৰ পৰা নিমাতিঘাতলৈ আহিছিল।
সন্ধানহীন হোৱা লোকসকলৰ মাজৰ পৰা বৰ্তমানলৈকে ৪০ জনক উদ্ধাৰ কৰা হৈছে বুলি প্ৰশাসনে জনাইছে।সন্ধানহীন হৈ থকা লোকসকলৰ মাজত আছিল যথেষ্ট সংখ্যক মহিলা আৰু শিশু।