সাগৰীয় পথেৰে ভাৰতলৈ হেৰোইনৰ অবৈধ সৰবৰাহৰ চেষ্টা চলাই আহিছে ড্ৰাগছ মাফিয়াই ৷ বিশেষকৈ পাকিস্তানৰ পৰা ভাৰতৰ ভুমিলৈ ড্ৰাগছৰ অবৈধ সৰবৰাহৰ চেষটা কৰি অহা পৰিলক্ষিত হৈছে ৷ আজি ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট এন্টি টেৰৰ’জিম স্কোৱাডে ৰাজ্যিক উপকূলৰ ওচৰৰ আৰৱ সাগৰত নজন সদস্যৰ সৈতে এখন পাকিস্তানী হেৰোইন ভর্ত্তি নাও জব্দ কৰে ৷ নাওখনৰ পৰা ২৮০ কোটি টকাৰ হেৰোইন জব্দ কৰিছে তদন্তকাৰী দলটোৱে ৷
উপকূলৰক্ষী বাহিনীৰ জাহাজে পাকিস্তানী নাও ‘আল হাজ’ক ভাৰতীয় জলসীমাত প্ৰৱেশ কৰাৰ সময়ত বাধা দিয়ে আৰু জব্দ কৰে ৷ নাওখনৰ লগতে ইয়াৰ কৰ্মচাৰীসকলক অধিক অনুসন্ধানৰ বাবে গুজৰাটৰ কচ্ছ জিলাৰ জাখৌ বন্দৰলৈ অনা হৈছে ৷