মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ সাগৰৰ উপকূলত এ কে ৪৭ এছল্ট ৰাইফল আৰু অন্যান্য অস্ত্ৰৰ সৈতে উদ্ধাৰ কৰা হৈছে এখন সন্দেহজনক নাও ৷ যাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত গৃহ মন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে এই ঘটনাৰ সৈতে কোনো সন্ত্ৰাসবাদী জৰিত হৈ থকাৰ কথা অস্বীকাৰ কৰে আৰু কয় যে এই সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে।
জানিবপৰা মতে মুম্বাইৰ পৰা ১৯০ কিলোমিটাৰ দূৰত স্থানীয় লোকে এই ক্ষতিগ্ৰস্ত নাওখন দেখিছিল য’ত তেওঁলোকে কোনো মানুহ দেখা পোৱা নাছিল ৷ ইয়াৰ পিছতেই ৰাজ্যখনৰ নিৰাপত্তা সংস্থাবোৰক সতৰ্ক কৰি দিয়া হৈছিল।
বিষয়াসকলে কৈছিল যে নাওখনত ধ্বংস কৰা অস্ত্ৰ পোৱা গৈছিল। ৰায়গড়ৰ বিধায়ক অদিতি তাতকাৰে কয় যে তেওঁ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক ঘটনাটোৰ বিশেষ তদন্তৰ বাবে অনুৰোধ জনাইছে। তেওঁ এইটোও কয় যে ঘটনাটো সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ প্ৰশ্ন হৈ পৰিছে কিয়নো এটা ডাঙৰ উৎসৱৰ এদিন আগত এই ঘটনা সংঘটিত হৈছে ।
শ্ৰীমতী তাতকাৰে সাংবাদিকক কয় যে কাইলৈ দহি হাণ্ডি, গণেশোৎসৱলৈ মাত্ৰ ১০ দিন বাকী আছে। এই উৎসৱবোৰৰ সময়ত মানুহ ইয়ালৈ আহে।সেয়েহে নিৰাপত্তা এক গুৰুত্বপূৰ্ণ বিষয় ৷
মিঃ ফাডনাভিছে এখন সংবাদমেলত কয় যে এই নাওখন অষ্ট্ৰেলিয়াৰ নাগৰিক হানা লণ্ডাৰগানৰ ।লেডী হান নামৰ নাওখন মাস্কট হৈ ইউৰোপলৈ যোৱাৰ কথা আছিল।
২৬ জুনত, পুৱা প্ৰায় ১০ বজাত নাওখনৰ ইঞ্জিনৰ সৈতে কিছু সমস্যা হৈছিল আৰু দুপৰীয়া প্ৰায় ১ বজাত নাওখনত থকা লোকসকলক উদ্ধাৰ কৰা হৈছিল।
ইয়াৰ পিছত, উপকূলত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছিল আৰু ইয়াক উচ্চ সতৰ্কতা তৰ্ক কৰা হৈছিল।ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু অন্যান্য সংস্থাৰ সৈতেও তথ্য ভাগ বতৰা কৰা হৈছিল।