তামুলপুৰ জিলাৰ কচুবাৰীত অনুষ্ঠিত হোৱা ৬১সংখ্যক বড়ো সাহিত্য সভা অধিবেশনৰ আজি অন্তিম দিন ৷ অধিবেশনখনত আজি উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ,অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ অধিবেশনখনত ভাষণ প্ৰসংগত বড়ো ভাষাৰ বিকাশৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়াৰে পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীত বড়ো ভাষাৰ পাঠ্যক্ৰম অন্তৰ্ভূক্ত কৰাৰ কথা ঘোষণা কৰে ৷আনকি বড়ো ভাষাক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈকো নিয়াৰ কথা কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখনীয় যে অসমৰ বড়ো জনসংখ্যা থকা প্ৰতিখন জিলাতে একোটাকৈ বড়ো সাহিত্য সভা কাৰ্যালয় নিৰ্মাণৰ বাবে ৫০লাখ টকাকৈ অনুদান আগবঢ়োৱাৰো প্ৰস্তাৱ দিয়ে তেওঁ ৷