চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্ত পৰে। কেন্দ্ৰীয় সভাপতি তৰেণ বড়োৱে পতাকা উত্তোলন কাৰ্য্যসূচীৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।
সাহিত্য একাডেমী বঁটা বিজয়ী ড৹ মংগলদীপ হাজোৱাৰীৰ ” জিউ বিথুন আৰৌ বিহৌমা”, ” জাৰা আৰৌ বিহামজৌ মংগলি”, আং খাৰসননৌ ফৈদৌং, ৰূপনাম হাজোৱাৰীৰ “বিলৌ গৌৰাননি দাউবৌ” কে ধৰি কেইবাজনো সাহিত্যিকৰ সৰ্বমুঠ ৮ খন গ্ৰন্থ প্ৰকাশ হয়।
অনুষ্ঠানটিত উপস্থিত থাকি শোভাবৰ্ধন কৰে বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী আৰু বি টি চি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই।
পৰৱৰ্তী ৬১ সংখ্যক অধিৱেশন বাক্সা জিলাৰ তামোলপুৰত অনুষ্ঠিত হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।