নলবাৰীৰ বৰসৰকুছিত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। সোমবাৰে নিশা বাসগৃহৰ ভিতৰত উদ্ধাৰ হৈছে মাতৃ-পুত্ৰৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহ দুটা কবিতা হালৈ আৰু তেওঁৰ পুত্ৰ হৃষীকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে ৷ তলাবন্ধ ঘৰৰ ভিতৰত বিচনাতে উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ। প্ৰাথমিক অৱস্থাত দুয়োকে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
হৃষীকেশৰ পিতৃ জগদীশ হালৈয়ে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। সোমবাৰে পুৱাৰে পৰা পলাতক হৈ আছে জগদীশ হালৈ। ইতিমধ্যে কবিতা হালৈ আৰু হৃষীকেশৰ মৃতদেহ উদ্ধাৰ কৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্গত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ৰাজপথতে স্কুটি এৰি উধাও হৈছে জগদীশ হালৈ। নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জে এল লাইন হোটেল এণ্ড ধাবাৰ সন্মুখত সোমবাৰে পুৱা প্ৰায় ৯:৩০ বজাত স্কুটিখন ৰখাই থৈ বৰপেটা দিশলৈ বাছত উঠি গৈছিল জগদীশ গগৈ। উক্ত হোটেলখনৰ মেনেজাৰে প্ৰকাশ কৰা অনুসৰি হাতত দুটা বেগ আছিল জগদীশ হালৈৰ ।
উল্লেখযোগ্য যে, হৃষিকেশ বিশেষভাৱে সক্ষম আছিল । ১৫ বছৰীয়া কিশোৰ হৃষীকেশৰ সোমবাৰে ওপজা দিন আছিল ৷ ইয়াৰ মাজতে দুয়োৰে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷