যোৱা ১০ অক্টোবৰ তাৰিখে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অংকুৰণ প্ৰকাশনৰ উদ্যোগত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।
বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি সুহাগ চন্দ্ৰ বৰ্মন, কবি নৱৰাজন, দিপালী মহন্ত গোস্বামী, শুভা শাণ্ডিল্যকে ধৰি কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
অংকুৰণ প্ৰকাশনৰ পষেকীয়া ই আলোচনী অংগনে আয়োজন কৰা পাণ্ডুলিপি প্ৰতিযোগিতাত স্থান লাভ কৰা পুথিসমূহ সভাত উন্মোচন কৰা হয়। প্ৰকাশনৰ স্বতাধিকাৰী হেমেন নাথে সভাৰ গুৰি ধৰে।
চাৰিখন গল্প সংকলন উন্মোচন কৰে। পল্লৱী কৌশিক শৰ্মাৰ ” সহযাত্ৰী”।
ৰূপালীম মহন্তৰ ” কথা কোৱা পুতলা”
অংকিতা বৰুৱাৰ “বৈদেহী”
শ্যামলিমা কাকতিৰ ” ফাগুনৰ সৰা পাতৰ কথা” উন্মোচন কৰা হয়।
অপৰাহ্নৰ একাজলি ৰ’দ, এমুঠি, পাহাৰী নিজৰা, জীৱনৰ ৰং শীৰ্ষক অণু গল্পৰ সংকলন উন্মোচন কৰা হয়।
ইয়াৰ উপৰিও কেইবাখনো কবিতাৰ পুথি, ভ্ৰমণ কাহিনী, শিশু গ্ৰন্থ উন্মোচন কৰা হয়।
বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্যই উন্মোচনী ভাষণত গ্ৰন্থ উন্মোচন কৰি ন লেখকসকলক চৰ্চা অব্যাহত ৰাখিবলৈ উৎসাহ যোগায়।