১৮ছেপ্টেম্বৰ ৰবিবাৰে গুৱাহাটীস্থিত অসম সাহিত্য সভা ভৱনৰ ‘জয়ন্ত কুমাৰ আৰু লখিমী বৰুৱা সদন’ত অসমৰ কেইবাজনো বিশিষ্ট লেখক, কবি, অনুবাদক তথা সমালোচকৰ উৎপস্থিতিত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় । অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰা সদ্য প্ৰকাশিত এই গ্ৰন্থ কেইখন হ’ল ক্ৰমে :–পৰিমিতা গোস্বামীৰ উপন্যাস “যাত্ৰাৰ শেষত”,গীতালী বৰুৱাৰ প্ৰৱন্ধ সংকলন “নেতাই ধুবুনীৰ দেশৰ কথা”, হিৰণ্য লয়ৰ কবিতা সংকলন “কি ক’বা কোৱা ৰৱীন্দ্ৰ নাথৰ কথা”আৰু আৰতী বৰগোঁহাঞি বৰুৱাৰ শিশু সাহিত্য “মনৰ আকাশ গঢ়োঁ আহাঁ”।
উক্ত অনুষ্ঠানত পৰিমিতা গোস্বামীৰ উপন্যাস “যাত্ৰাৰ শেষত” উন্মোচন কৰে বিশিষ্ট সমালোচক অভিজ্ঞান অনুৰাগে ৷ আনহাতে গীতালী বৰুৱাৰ প্ৰৱন্ধ সংকলন “নেতাই ধুবুনীৰ দেশৰ কথা” উন্মোচন কৰে অধ্যাপক তথা সমালোচক ভৱানী প্ৰসাদ দাসে ৷জনপ্ৰিয় যুৱ কবি হিৰণ্য লয়ৰ কবিতা সংকলন “কি ক’বা কোৱা ৰৱীন্দ্ৰ নাথৰ কথা”উন্মোচনকৰে বিশিষ্ট কবি নীলিম কুমাৰে ৷ লগতে আৰতী বৰগোঁহাঞি বৰুৱাৰ “মনৰ আকাশ গঢ়োঁ আহাঁ” শীৰ্ষক শিশু সাহিত্য বিষয়ক গ্ৰন্থখন উন্মোচন কৰে অসমৰ বিশিষ্ট সাহিত্যিক তথা অনুবাদক কবিতা দত্ত গোস্বামীয়ে ৷
প্ৰায় পঞ্চাশৰো অধিক সাহিত্যপ্ৰেমী তথা শুভাকাংক্ষীৰ উপস্থিতিত অনুষ্ঠিত হয় এই গ্ৰন্থ উন্মোচনী সভা ৷ অসমৰ প্ৰখ্যাত কবি নীলিম কুমাৰে বন্তী প্ৰজ্বলন কৰাৰ লগতে এটি ভক্তিমূলক গীতে পৰিবেশনেৰে সভাখনৰ শুভাৰম্ভ কৰা হয়। আনহাতে বিশিষ্ট কবি সাহিত্যিক সকলৰ উপস্থিতিৰ লগতে গ্ৰন্থ সমূহৰ লেখক তথা সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতিত সভাৰ সৌষ্ঠভ বৃদ্ধি হয় । অনহাতে গ্ৰন্থ উন্মোচনৰ লগতে গীত , আবৃত্তি তথা বিশিষ্ট কবি লেখক সকলৰ সাৰগৰ্ভ ভাষণে সভাখন সাফল্যমণ্ডিত কৰে ।