১০০ ঘণ্টাতকৈও অধিক সময় উদ্ধাৰ অভিযানৰ পিছত অৱশেষত বোৰৱেলৰ পৰা উদ্ধাৰ হ’ল আৱদ্ধ ল’ৰাটো ৷ উদ্ধাৰ হ’ল ছত্তীশগড়ৰ যুৱক ৰাহুল চাহু যি পিহৰিদ গাঁৱত এটা বোৰৱেলত পৰাৰ ফলত সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ অৱশ্যে ১০০ ঘণ্টাতকৈও অধিক সময়ৰ অভিযানৰ অন্তত তেওঁক সফলতাৰে উদ্ধাৰ কৰা হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে।
চাহুক কালি মাজনিশা বোৰৱেলৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। ৰাহুল চাহু মালখাৰোদা খণ্ডৰ পিহৰিদ গাঁৱত এটা ৬০ ফুট গভীৰ বোৰৱেলত কেইবাদিনো ধৰি আৱদ্ধ হৈ আছিল।
এই উদ্ধাৰ অভিযানৰ বাবে মোতায়েন কৰা হৈছিল প্ৰায় ১৫০ জন বিষয়া । ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু জিলা প্ৰশাসনে যুটীয়াভাৱে চলাইছিল এই উদ্ধাৰ অভিযান ।