চার্জাৰ নোহোৱাকৈ আইফোন বিক্ৰী কৰি বিপদত পৰিছে নির্মাণকাৰী সংস্থা এপল ৷চার্জাৰ নোহোৱাকৈ আইফোন বিক্ৰী কৰি ব্ৰাজিল চৰকাৰৰ ৰোষত পৰিছে এপল কোম্পানী ৷ ব্ৰাজিলত চাৰ্জাৰ অবিহনে আইফোন বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ তদুপৰি এপলক ২০ লাখ ডলাৰতকৈ অধিক জৰিমনা বিহা হৈছে বুলি মঙলবাৰে চৰকাৰে প্ৰকাশ কৰিছে। ব্ৰাজিলৰ কৰ্তৃপক্ষই এক আনুষ্ঠানিক জাননীৰ জৰিয়তে বেটাৰী চাৰ্জাৰ নথকা আইফোন ব্ৰেণ্ডৰ যিকোনো মডেলৰ স্মাৰ্টফোন তাৎক্ষণিকভাৱে বন্ধ ৰাখিবলৈ নির্দেশ দিছে
ন্যায় আৰু জনসাধাৰণৰ সুৰক্ষা মন্ত্ৰালয়ে কেলিফৰ্ণিয়াৰ কোম্পানীটোক ১২.২৮ মিলিয়ন ৰিয়েল (প্ৰায় ২৪ লাখ ডলাৰ) জৰিমনা দিবলৈ নিৰ্দেশ দিয়ে। গ্ৰাহক সুৰক্ষা আৰু প্ৰতিৰক্ষা বিভাগৰ এই ব্যৱস্থাই আইফোন ১২ আৰু ১৩ৰ সকলো মডেল বিক্ৰীত নিষিদ্ধ কৰিছে। ডিচেম্বৰৰ পৰা ব্ৰাজিলত “এটা অসম্পূৰ্ণ সামগ্ৰী বিক্ৰী কৰা”, “গ্ৰাহকৰ বিৰুদ্ধে বৈষম্য” আৰু “তৃতীয় পক্ষক দায়িত্ব হস্তান্তৰ” আদিৰ বাবে এপলৰ বিৰুদ্ধে তদন্ত চলি আহিছে ৷
বিবৃতিটোত কোৱা হৈছে যে কোম্পানীটোৱে ইয়াৰ পূৰ্বে ব্ৰাজিলৰ ৰাজ্যিক সংস্থাসমূহৰ পৰা জৰিমনাৰ সন্মুখীন হৈছিল যদিও চাৰ্জাৰ অবিহনে চেলুলাৰ ডিভাইচসমূহ বিক্ৰী কৰি আহিছে।
ব্ৰাজিলৰ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে এপলে অভিযোগ কৰিছে যে আইফোন বিক্ৰীৰ পৰা চাৰ্জাৰ বাদ দিয়াৰ সিদ্ধান্তটো পৰিৱেশ সম্পৰ্কীয় সংকল্পৰ বাবে গ্ৰহণ কৰা হৈছে ৷ কিন্তু মন্ত্ৰালয়ে কয় যে এপলৰ এই নীতিৰ ফলস্বৰূপে ব্ৰাজিলত পৰিৱেশ সুৰক্ষাৰ কোনো ফলপ্ৰসূ ফলাফল প্ৰত্যক্ষ কৰা হোৱা নাই ৷ কোম্পানীটোৱে “গ্ৰাহকৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে বৈষম্যমূলক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।