মানকাচৰৰ ভাৰত-বাংলা সীমান্তত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ সীমান্তত বিএছএফৰ গুলীত এজন চোৰাং গৰু সৰবৰাহকাৰীৰ মৃত্যু হয়। বিএছএফৰ গুলীত নিহত হোৱা চোৰাং গৰু সৰবৰাহকাৰী মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা গাঁৱৰ ২৬ বছৰীয়া ছাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে। ভাৰত-বাংলা সীমান্তৰ কুকুৰমাৰাত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ছাহিনুৰ ইছলামে নিশা বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল। সেই সময়ত বিএছএফৰ তহলদাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়ত বিএছএফে কৰা গুলীচালনাত ছাহিনুৰ নিহত হয় ৷
সম্প্ৰতি ঘটনাটোক কেন্দ্ৰ কৰি কুকুৰমাৰা অঞ্চলত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মন কৰিবলগীয়া যে চোৰাং গৰু সৰবৰাহ, বাৰ্মিজ চুপাৰী, ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অসম চৰকাৰ, আৰক্ষী, প্ৰশাসন কঠোৰ হৈছে ৷ গ্ৰহণ কৰা হৈছে ব্যৱস্থাও ৷ তৎসত্বেও যেন এনে অপৰাধ হ্ৰাস পোৱা নাই ৰাজ্যত ৷