বিৰোধীয়ে আজি সংসদত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেটক তীব্ৰ সমালোচনা কৰি কয় যে এই বাজেটৰ পৰা মধ্যবিত্ত শ্ৰেণী, যুৱ, কৃষক আৰু মহিলাসমাজ লাভান্বিত নহ’ব ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শূন্য ৰাশিৰ বাজেট বুলি অভিহিত কৰিছে ৷ আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰে বাজেট সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “হতাশাজনক বাজেট। আচ্ছে দিন আৰু অধিক দূৰলৈ ঠেলি দিলে এই বাজেটে । মধ্যবিত্ত শ্ৰেণীক কোনো সকাহ দিয়া হোৱা নাই,” ৷ বিৰোধী নেতা মনীষ তিৱাৰীয়ে বাজেটখন অবাস্তৱ আৰু অকাৰ্যকৰী বুলি অভিহিত কৰিছে ৷
M0di G0vernment’s Zer0 Sum Budget!
Nothing for
– Salaried class
– Middle class
– The poor & deprived
– Youth
– Farmers
– MSMEs— Rahul Gandhi (@RahulGandhi) February 1, 2022
কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰণদীপ সিং সুর্যৱালাই টুইটযোগে “ভাৰতৰ বেতনভোগী শ্ৰেণী আৰু মধ্যবিত্ত শ্ৰেণীয়ে মহামাৰীৰ সময়ত সকাহ পোৱাৰ আশা কৰিছিল ৷ বিত্ত মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰত্যক্ষ কৰ ব্যৱস্থাৰে পুনৰ হতাশ কৰিছে। এয়া ভাৰতৰ বেতন ভোগী আৰু মধ্যবিত্ত শ্ৰেণীৰ প্ৰতি বিশ্বাসঘাতকতা,”। তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰায়েনে চৰকাৰক আক্ৰমণ কৰি কয়, “হীৰা এই চৰকাৰৰ আটাইতকৈ ভাল বন্ধু। কৃষক, মধ্যবিত্ত, দৈনিক উপাৰ্জনকাৰী, নিবনুৱা সকলৰ বাবে এয়া হৈছে প্ৰধানমন্ত্ৰী খাতিৰ নকৰে ধৰণৰ বাজেট “।